বিশেষজ্ঞৰ সতৰ্কবাণী : এল নিনোৰ প্ৰভাৱৰ বৰষুণৰ পৰিমাণ কমিব

0
176


জলবায়ু বিশেষজ্ঞই এইবুলি সকীয়াই দিছে যে এল নিনোৰ সম্ভাব্য প্ৰভাৱৰ বাবে এই বছৰ বাৰিষা কালত বৰষুণৰ পৰিমাণ কমিব৷ এই বছৰৰ মাজভাগত বতৰ বিজ্ঞান কেন্দ্ৰ চমুকৈ আই এম ডি-এ কৈছিল যে ভাল বাৰিষা আৰু পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নিশ্চিত কৰা লা নিনা ক্ৰমাৎ আঁতৰি গৈছে৷ আনহাতে ২০২৩ বৰ্ষটো নিউট্ৰেল কণ্ডিশ্যনত প্ৰৱেশ কৰিছে৷ যদিহে প্ৰশান্ত মহাসাগৰৰ পানীৰ শীতল উষ্ণতাৰ বা কুল টেম্পেৰাচাৰ হেৰফেৰ নোহোৱা হ’ব পাৰে৷ যাৰ ফলত ভাৰতত বাৰিষাত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ উল্লেখ্য যে এল নিনো বা লা নিনা প্ৰশান্ত মহাসাগৰৰ জলবায়ুৰ পেটাৰ্ন আৰু সমগ্ৰ বিশ্বৰ বতৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷ এল নিনো বা লা নিনাৰ প্ৰভাৱ সাধাৰণতে ৯-১২ মাহ পৰ্যন্ত থাকে যদিও কেতিয়াবা কেইবাবছৰ ধৰি চলিব পাৰে৷ গড় হিচাপত প্ৰতি দুবছৰৰ পৰা সাত বছৰলৈ এল নিনো আৰু লা নিনা হয় যদিও নিয়মীয়া সূচীত নহয় বুলিও বিশেষজ্ঞই জানিবলৈ দিছে৷ সাধাৰণতে লা নিনাতকৈ এল নিনো বেছি সঘনে হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here