অসমত শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধিৰ বাবেশিশুসকলক ঘৰতে ৰখাৰ কোনে দিলে পৰামৰ্শ

0
921


ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল চমুকৈ জি এম চি এইচত শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত গৈ এইপৰ্যন্ত ২৩টি শিশু চিকিৎসাধীন হৈ আছে৷ জানিব পৰা মতে প্ৰতিদিনে নিজৰ কণ কণ ল’ৰা-ছোৱালীক লৈ চিকিৎসালয়লৈ ঢাপলি আহিছে অভিভাৱকসকল৷ এনে ভয়াৱহ অৱস্থাত শিশুসকলক ঘৰতে ৰখাৰ পৰামৰ্শ দিছে চিকিৎসকসকলে৷ এই সন্দৰ্ভত জি এম চি এইচৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ পংকজ অধিকাৰীয়ে কয় যে এই সময়ছোৱা তথা এনে পৰিৱেশত ছালৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়৷ এই সময়ত ঘৰুৱা বিধান হিচাপে নিমপাত উতলাই গৰম কৰি সেই পানীৰে গা ধুব লাগে৷ দেহত হালধি, বেচন আদি সানিব লাগে৷ ভিটামিন-চিযুক্ত খাদ্য যেনে নেমু, কমলা আদি তথা সুষম আহাৰ, সেউজীয়া শাক পাচলি আদি অত্যধিক পৰিমাণে খাব লাগে৷ এই দিনকেইটাত প্ৰচুৰ পৰিমাণ পানী সেৱন কৰিব লাগে, কিয়নো বায়ুমণ্ডলৰ শুষ্কতা অৱস্থা হেতু দেহৰ পানীভাগো শুকান থাকে৷ চাৰিওফালে কেৱল ধূলিৰ ধুমুহা৷ গতিকে বাহিৰলৈ ওলাব লাগিলে চকুত গ্লাছ আৰু হাত দীঘল চোলা পিন্ধিহে ওলাব লাগে৷ আনহাতে জি এম চি এইচৰ চকুৰোগ বিশেষজ্ঞ ডাঃ জ্যোতি ভূঞাই কয় যে এইকেইদিন ধূলিৰ বতাহৰ বাবে চকুৰ ৰোগ যথেষ্ট বৃদ্ধি পাইছে৷ চকুযুৰিৰ সুৰক্ষাৰ বাবে পৰিষ্কাৰ আৰু খোৱাপানী চকুত লগাব লাগে৷ অকল বিশুদ্ধ পানীৰেহে চকুযুৰি ধোৱক৷ কিন্তু চকুত অত্যধিক পানী মাৰিব নালাগে৷ বাহিৰৰ ধূলিৰ পৰা চকুৰ বচাই ৰাখিবলৈ বাহিৰলৈ ওলালে ছানগ্লাছ বা তেনেজাতীয় চছ্‌মা লগাইহে ওলাব৷ চছ্‌মা পিন্ধি চকুক সুৰক্ষা দিব পাৰে৷ চকুৰ কিবা বিকাৰ হ’লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ চকু যিকোনো দৰব লগাব নালাগে৷ উল্লেখ্য যে মহানগৰীত ১৪ বছৰৰ তলৰ অধিকাংশ শিশুৱে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here