আশ্চৰ্য ! আৰক্ষীত চামিল হ’ব কেৰ্কেটুৱা : ক’ত?

0
200

আৰক্ষী বাহিনীত জন্তুক নিযুক্ত কৰাটো নতুন কথা নহয়৷ এসময়ত ঘোঁৰা আৰু আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিন্ন অংগ আছিল৷ বিভিন্ন প্ৰজাতিৰ কুকুৰ এতিয়াও আৰক্ষী বাহিনী তথা সেনা বাহিনীত সংযুক্ত হৈ আছে৷৷ উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত কৰি বিভিন্ন অভিযান তথা তথ্যৰ ক্লু উলিয়াবলৈ নিৰাপত্তা বাহিনীয়ে কুকুৰ ব্যৱহাৰ কৰে৷ আনহাতে কিছু দেশত এন্দুৰক প্ৰশিক্ষণ দি আৰক্ষী বাহিনীত চামিল কৰা হয়৷ মুঠতে পূৰ্বৰে পৰা নিৰাপত্তা বাহিনীসমূহ বিভিন্ন জন্তুক বিভিন্ন কামত ব্যৱহাৰ হৈ আহিছে৷ শেহতীয়াভাৱে প্ৰকাশিত তথ্য মতে চীনে কেৰ্কেটুৱাক আৰক্ষী বাহিনীত চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে কেৰ্কেটুৱাক বিশেষভাৱে প্ৰশিক্ষণ দি থকা হৈছে৷ চীনৰ আৰক্ষীৰ মতে কেৰ্কেটুৱাৰ আকাৰ সৰু হোৱা, তৎপৰতা তথা গোন্ধ লোৱাৰ গুণে এক অতিৰিক্ত ক্ষমতা প্ৰদান কৰিব৷ চীনৰ এখন মহানগৰত কেৰ্কেটুৱাক নিচাযুক্ত দ্ৰব্য চিনাক্ত কৰাৰ প্ৰশিক্ষণ দি থকা হৈছে৷ এই প্ৰশিক্ষণপ্ৰাপ্ত কেৰ্কেটুৱাবোৰক বিমান বন্দৰ, ষ্টেচন, সীমান্ত চকী, নিৰীক্ষণ চকী আদিত নিয়োগ কৰা হ’ব৷ চীনত বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে কুকুৰৰ স্থানত কেৰ্কেটুৱাৰ সহায় ল’ব৷ কেৰ্কেটুৱাৰ নিৰাপত্তাৰ দিশত কামত লগোৱাৰ কাৰণ হ’ল ইয়াৰ আকাৰ যিহেতু সৰু সেয়েহে কুকুৰে সহজে প্ৰৱেশ কৰিব নোৱৰা স্থানত কেৰ্কেটুৱাই অনায়াসে প্ৰৱেশ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here