পাইলটলৈ প্ৰত্যাহ্বান : কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা উৰিব বিমান

0
848


বৰ্তমান যুগটোক বহুতেই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ বুলি ক’বলৈ লৈছে৷ ইয়াৰ কাৰণ হ’ল বিভিন্ন ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে কৃত্ৰিম বুদ্ধিমত্তাক৷ শেহতীয়াকৈ পোৱা খবৰ মতে কৃত্ৰিম বৃদ্ধিমত্তাৰে বিমান চলোৱাৰো কুচকাৱাজ আৰম্ভ হৈছে৷ হয়তো এই সুখবৰ অচিৰেই আহিব৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আকাশত বিমান উৰুওৱা হ’বলৈ বেছিদিন নাই৷ তেতিয়া আৰু পাইলট বা বৈমানিকৰ আৱশ্যক নহ’ব আৰু এই খবৰে পাইলটসকলৰ বাবে প্ৰত্যাহবানৰ সৃষ্টি কৰিব পাৰে৷ বিমান পৰিবহণ কোম্পানী এমিৰাটছ এয়াৰলাইনে ইতিমধ্যে এই দিশত বহুখিনি আগবঢ়া বুলি জানিব পৰা গৈছে৷ বিমান পৰিবহণ সংস্থাটোৰ অধ্যক্ষ টিম ক্লাৰ্কে প্ৰকাশ কৰা মতে, কৃত্ৰিম বুদ্ধিমত্তা সহযোগী পাইলটৰূপে থকা বিমানে ভৱিষ্যতে যাত্ৰীক গন্তব্যস্থানলৈ নিব পাৰিব৷ তেওঁ লগতে কয় যে বিমান স্বয়ংক্ৰিয়ভাৱে উৰাব যাব পাৰে৷ সেইটো সম্ভৱপৰ হ’ব পাৰে৷ এতিয়া প্ৰযুক্তি কৌশলৰ দিশত সেইটো আগবাঢ়িছেই৷ আনহাতে পাইলটসকলৰ সংগঠন বালপাৰ উৰণ সুৰক্ষাৰ মুৰব্বী জজী ৱেইটছে কয় যে সুদক্ষ পাইলট এক জটিল সুৰক্ষা প্ৰণালীৰ অংশ৷ যি বিপদৰ আশংকা হ্ৰাস কৰি যাত্ৰীসকলক নিৰাপদে ৰাখে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে বিমান পৰিবহণ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰৱেশ ঘটাটো নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here