উজাগৰী নিশা মোবাইলত ব্যস্ত থাকে নেকি?হ’ব পাৰে মাল্টিপল স্কেল্‌ৰোছিছৰ চিকাৰ

0
307


বৰ্তমান সময়ত মোবাইলটো আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ দৈনন্দিন জীৱনৰ সকলো কামতে মোবাইল ফোনটো নহ’লে নোহোৱা হৈছে৷ ইণ্টাৰটেইনমেণ্ট, যোগাযোগ, যাতায়াত, বিত্তীয় লেনদেন, পাকঘৰৰ পৰা একেবাৰে সৌন্দৰ্যচৰ্চালৈ সকলো ক্ষেত্ৰত মোবাইলৰ আৱশ্যকতা আহি পৰিছে৷ ইয়াৰ মাজতে বহুতেই আকৌ লাগতিয়াল কাম তথা গঠনমূলক কামতকৈ দিন-ৰাতি একাকাৰ কৰি মোবাইলতে ব্যস্ত হৈ পৰিছে৷ এনে বহু লোক আছে, যিয়ে গোটেই ৰাতি উজাগৰী কটাই মোবাইলত ব্যস্ত হৈ থাকে৷ ইয়াৰ পৰা ক’ব নোৱৰাকৈয়ে কিন্তু তেনে লোকৰ সকলো ফালৰ পৰা ক্ষতিৰ সন্মুখীন হৈছে৷ বিশেষকৈ এইদৰে মোবাইল ব্যৱহাৰ কৰাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্টখিনি সমস্যাৰ সৃষ্টি হৈছে৷ শৰীৰ স্বাস্থ্যৱান তথা সুস্থ হৈ থাকিবলৈ দৈনিক ৮ ঘণ্টাকৈ শোৱা উচিত বুলি স্বাস্থ্য বিশেষজ্ঞসকলে আমাৰ পৰামৰ্শ দি আহিছে৷ এই নিয়ম যেন অকল বয়োজ্যেষ্ঠ তথা বৃদ্ধ লোকৰ বাবেই প্ৰযোজ্য তেনে নহয়; শিশু, কিশোৰ-কিশোৰীসকলৰ বাবেও সমানে এই নিয়ম প্ৰযোজ্য৷ শেহতীয়াভাৱে ছুইডেনৰ এটা বিজ্ঞানীৰ দলে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে যিসকল কিশোৰ-কিশোৰী নিশা সাত ঘণ্টাৰ কম শোৱে, তেওঁলোকৰ মাল্টিপল স্কেল্‌ৰোছিছ ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা আনসকলৰ তুলনাত ৪০ শতাংশ বেছি৷ বৰ্তমান সময়ত ইয়াৰ প্ৰধান কাৰণ হিচাপে যুৱক-যুৱতীয়ে গোটেই নিশা মোবাইলত ব্যস্ত থাকে৷ নিশা উজাগৰী কটোৱাৰ ফলতে বহু কিশোৰ-কিশোৰীয়ে সহজে এইধৰণৰ মাৰাত্মক ৰোগৰ চিকাৰ হৈ পৰে৷ টোপনি ক্ষতিৰ ফলত মূৰ ঘূৰোৱা, দৃষ্টিশক্ৰি হ্ৰাস পোৱা, অৱসান, ভাগৰ, অনৱৰতে খং ভাবত থকা, খাবলৈ ইচ্ছা নকৰা আদি নানা কাৰকে দেখা দিব পাৰে৷ বিশেষজ্ঞই জনোৱা মতে স্কেল্‌ৰোছিছ এবিধ জটিল স্নায়ৱিক ৰোগ৷ প্ৰধানতঃ নিশা উজাগৰী থাকি মোবাইলত ব্যস্ত থকাৰ বাবেই এইধৰণৰ ৰোগ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here