চাঞ্চল্যকৰ তথ্য : সূৰ্যৰ সৃষ্টিৰ আগেয়ে পৃথিৱীত পানী আছিল

0
239

সূৰ্যৰ আগতে পৃথিৱী নে পৃথিৱীৰ আগত সূৰ্যৰ সৃষ্টি হৈছিল৷ সূৰ্যৰ আগতেই পৃথিৱীৰ পানীৰ উৎপন্ন হৈছিল৷ কিন্তু প্ৰশ্ন হয়, পৃথিৱীৰ উৎপত্তি তেতিয়া হৈছিল জানো? তেতিয়াহ’লে পৃথিৱীত পানীৰ উৎপত্তি কেনেকৈ সম্ভৱ হ’ল৷ ইয়াৰ উত্তৰ দিছে বিজ্ঞানীয়ে৷ সূৰ্যৰ আগতে কিদৰে পৃথিৱীত পানীৰ সম্ভৱ হৈছিল তাৰ সঠিক বৰ্ণনা কৰিছে৷ বিজ্ঞানীয়ে জনাইছে যে প্ৰাণীৰ জীৱন-ধাৰণৰ অবিচ্ছেদ্য অংগ পানীৰ উৎপত্তি হৈছিল সূৰ্যৰ সৃষ্টিৰ আগতেই৷ বিজ্ঞানীয়ে আটাকামা লাৰ্জ মিলিমিটাৰৰ টেলিস্কোপৰ দ্বাৰা এই নতুন তত্ত্ব পোহৰলৈ আনিছে৷ বিজ্ঞানীয়ে এটা নক্ষত্ৰৰ সৃষ্টি হোৱাৰ দিশটোত দৃষ্টি দিয়াত এই বিষয়টো পৰিষ্কাৰ হয়৷ উক্ত টেলিস্কোপৰ সহায়ত তেওঁলোকে এহাজাৰ ৩০০ আলোকচক্ৰ দূৰত্বত এটা নক্ষত্ৰৰ সন্ধান কৰোতে তাৰ চাৰিওফালে যি বয়ল তৈয়াৰ হৈছে, সেই কথাটোৰ সম্ভেদ লওঁতে গেছৰ আকাৰত তাত পানীৰ সন্ধান লাভ কৰে৷ জনা মতে নক্ষত্ৰ সৃষ্টিৰ আগে আগে সেই অঞ্চলত এক বিশাল গেছ আৰু ধূলিৰ স্তম্ভৰ সৃষ্টি হয়৷ তাৰ পাছত এইবোৰ এক নিৰ্দিষ্ট ঠাইত থিতাপি লয় আৰু ইয়াৰে কেন্দ্ৰভাগত নক্ষত্ৰৰ জন্ম বা সৃষ্টি হয়৷ এই নক্ষত্ৰৰ চাৰিওফালে এটা বলয়ৰ সৃষ্টি হয়৷ যাৰ পৰা গ্ৰহ, ধূমকেতু, গ্ৰহাণুৰ উৎপত্তি হয়৷ বিজ্ঞানীয়ে সদৰী কৰা মতে নক্ষত্ৰৰ সৃষ্টিত যি গেছৰ মেঘপুঞ্জৰ প্ৰস্তুত হয়, সেই মেঘপুঞ্জতে পানী লুকাই থাকে৷ এই পানীভাগ বৰফৰ দৰে আকাৰত থাকে বাবে সহজে নজৰত নপৰে৷ এই নক্ষত্ৰ সৃষ্টিত হোৱা মেঘৰ পৰাই গ্ৰহলৈ পানী যায়৷ বিজ্ঞানীৰ মন কৰিছে যে নক্ষত্ৰ সৃষ্টিৰ সময়ত লাখ লাখ বছৰ ধৰি তাৰ বলয়ত গ্ৰহ, ধূমকেতু, গ্ৰহাণুৰ সৃষ্টি হয়, তেতিয়াই কোনো ধূমকেতুৰ সহায়ত গ্ৰহলৈ সেই মেঘপুঞ্জৰ পানী গুচি যায়৷ যাৰ জৰিয়তে গ্ৰহত পানী পোৱা যায়৷ নক্ষত্ৰৰ সৃষ্টিৰ আগতে এই নক্ষত্ৰ সৃষ্টিকাৰী গেছীয় মেঘপুঞ্জই পানীৰ অস্তিত্বৰ জন্ম দিছিল৷ বিজ্ঞানীয়ে ধাৰণা কৰিছিল নক্ষত্ৰ সৃষ্টিৰ আগতে পানী ইয়াত পোৱা হৈছিল৷ সূৰ্যৰ ক্ষেত্ৰতো একেই ধাৰণা পোষণ কৰিছে তেওঁলোকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here