বিচিত্ৰ এই বিশ্ব: ভাড়াত দিয়া হয় গৰ্ভ

0
611
সঁচাকৈয়ে বিচিত্ৰ এই বিশ্ব৷ এইখন বিশ্বতে ভাড়াত পোৱা যায় গৰ্ভ৷ বিভিন্ন অভ্যন্তৰীণ কাৰণত বহু দম্পতীয়ে সন্তান জন্ম দিব নোৱাৰি চিকিৎসকৰ দুৱাৰে দুৱাৰে তাঁতবাটি কাঢ়ি হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কেতিয়াবা এনে দম্পতীয়ে সমাজৰ দৃষ্টিত হাঁহিয়াতৰ পাত্ৰও হোৱা দেখা যায়৷ নিঃসন্তান দম্পতীক হেয় দৃষ্টিৰে চোৱাটো এইখন সমাজতে এটা পৰম্পৰা চলি আহিছে৷ পিছে এইখন বিশ্বতে আকৌ সন্তান নোহোৱা পিতৃ-মাতৃয়ে বিচৰামতে টকা আদায় দিলেই লাভ কৰে সন্তান৷ নিঃসন্তান দম্পতীক টকা দিলে ল’ৰা বা ছোৱালী যিয়েই লাগে তাকে পাব৷ এইদৰে গৰ্ভ ভাড়াত দিয়া বা ছাৰোগেছি পদ্ধতিৰে বিখ্যাত পূব ইউৰোপৰ ইউক্ৰেইনত চলি আহিছে প্ৰচলিত এই পৰম্পৰা৷ 
Ukraine's Covid-19 lockdown leads to baby pile-up and surrogacy backlash
Baby factories-Ukraine is one of the few places in the world where commercial surrogacy is allowed

সঁচা কথাত ইউক্ৰেইনক সন্তান তৈয়াৰ কৰা কাৰখানা বুলিব পাৰি৷ বিশ্বৰ বিভিন্ন দেশৰ ভিতৰত নিঃসন্তান দম্পতীক সন্তানৰ সুখ দিব পৰা অন্যতম হ’ল এই ইউক্ৰেইন৷ ইয়াৰে বিদেশী পিতৃ-মাতৃৰ এক তৃতীয়াংশ চীনৰ৷ ছাৰোগেছি পদ্ধতিৰে প্ৰতিবছৰে আঢ়ৈৰ পৰা তিনি হাজাৰ শিশু ইউক্ৰেইনত জন্ম হয়৷ ইউক্ৰেইনত এনেদৰ সন্তান জন্ম দিয়াৰ খৰচ পৰে ২২ লাখ টকা৷ অৱশ্যে সময়সাপেক্ষে ৬১ লাখ টকালৈও বৃদ্ধি পায়৷ এইটো নিৰ্ভৰ কৰে গৰ্ভস্থ সন্তানটো ল’ৰা নে ছোৱালী, তাৰ ওপৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here