আপোনাৰ চুলি পাতল হৈছে নেকি? লওক এটা মাত্ৰ সমাধান

0
1980
চুলি সৰা সমস্যাটো আজিকালি প্ৰায় সকলো লোকৰ ক্ষেত্ৰতে দেখা যায়৷ আপুনি জানি আচৰিত হ’ব যে চুলি সৰাৰ একমাত্ৰ সমাধান কণীয়ে কৰিব পাৰে৷ কণীত থকা প্ৰ’টিন, ভিটামিন-B12, আইৰন, জিংক, omega-6, ফেটি এচিডে চুলিৰ বৃদ্ধি আৰু ঘনত্ব বঢ়োৱাত সহায় কৰে৷ ইয়াৰ বাবে আপু্‌নি এটা কণী লওক৷ 
DIY hair masks infused with olive oil | Be Beautiful India

এক চামুচ অলিভ অইলত কণী এটা মিহলি কৰি ভালদৰে ফেটি ল’ব৷ অলপ সময় ফেটি লোৱাৰ পাছত এটা মিশ্ৰণ তৈয়াৰ হৈ যাব৷ এই মিশ্ৰণটো চুলিৰ গুৰিবোৰত লগাই ভালদৰে কমেও আধা ঘণ্টামান মাচাজ কৰক৷ তাৰ পাছত পৰিষ্কাৰ ঠাণ্ডা পানীৰে মূৰটো ধুই দিয়ক৷

মনত ৰাখিব, গৰম পানী কেতিয়াও ব্যৱহাৰ নকৰিব৷ এই মিশ্ৰণটোত আপুনি অলিভ অইলৰ সলনি নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে৷ এনেদৰে এসপ্তাহ কৰিলেও আপোনাৰ চুলি ঘন হোৱা আৰম্ভ কৰিব আৰু চুলি পাতল হোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here