৬-৮ মাহৰ পাছত কভিডৰ তৃতীয়টো ঢৌ: ডাঃ এন কে অৰোৰা

0
2226
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এটা অধ্যয়নৰ প্ৰতিবেদন লাভ কৰা হৈছে ৷ ইয়াৰ পৰা দেশত কভিডৰ তৃতীয়টো ঢৌ পলমকৈ আৰম্ভ হোৱাৰ ইংগিত পোৱা গৈছে৷ এই কথা প্ৰকাশ কৰিছে কভিড ৱৰ্কিং গ্ৰুপৰ মুৰব্বী ডাঃ এন কে অৰোৰাই৷ তেওঁৰ মতে ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ ৬-৮ মাহত আৰম্ভ হ’ব৷ তেওঁ কয় যে আমাৰ হাতত টিকাকৰণৰ বাবে ৬-৮ মাহ সময় বাকী আছে৷ অনাগত দিনবোৰত প্ৰতিদিনে এক কোটি লোকৰ টিকাকৰণৰ লক্ষ্য লোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ আনহাতে জায়ডাছ কেডিলাৰ ভেক্‌চিনৰ পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু জুলাইৰ শেষত বা আগষ্টৰ প্ৰথম ভাগৰ পৰা দেশত ১২-১৮ বছৰ বয়সৰ শিশুৰ টিকাকৰণ আৰম্ভ কৰিব পৰা যাব৷ ইফালে দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্‌ছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে শিশুৰ বাবে ভেক্‌চিন ওলোৱাৰ পাছত স্কুল খোলাৰ পথ প্ৰশস্ত হ’ব৷ তেওঁৰ মতে ভাৰত বায়’টেকৰ কভেক্সিনৰ ২-১৮ বছৰৰ শিশুক লৈ কৰা পৰীক্ষাৰ ফল ছেপ্টেম্বৰৰ ভিতৰত পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here