লিভাৰ সুস্থ কৰি ৰখাৰ উপায়

0
899
আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত এটা হৈছে লিভাৰ৷ ই আমাৰ দেহত জমা হোৱা আৱৰ্জনা নিষ্কাশন কৰি তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰটোক সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়েহে আমি আমাৰ লিভাৰটো সুস্থ কৰি ৰাখিবলৈ ইয়াৰ বিশেষ যতন লোৱা উচিত৷

[১] কেঁচা হালধিৰ ৰস পুৱা খালী পেটত খালে লিভাৰ সুস্থ হৈ থাকে৷


[২] লিভাৰ সংক্ৰান্তীয় কিবা অসুখ হ’লে কুমলীয়া অমিতাৰ পাতৰ ৰস খালী পেটত খাব লাগে৷


[৩] সদায় পুৱা একাপকৈ গ্ৰীন টী খালে ফেটি লিভাৰৰ সমস্যা নাইকিয়া হয়৷

9+ Best Green Tea Brands of 2021 - Green Tea Health Benefits


[৪] সুস্থ লিভাৰৰ বাবে দৈনিক অতিকমেও তিনি গিলাচমান গৰম পানী সেৱন কৰা উচিত৷


[৫] স্বাস্থ্যৱান লোকসকলে মাহত অন্ততঃ এদিন উপবাসে থাকিলে লিভাৰ সুস্থ হৈ থাকে৷


[৬] তিয়ঁহ, গাজৰ, বিলাহীৰ চালাডো লিভাৰৰ বাবে ভাল৷

Cucumber carrot and tomato salad | Easy and healthy home made recipes | Food Book Recipes - YouTube


[৭] নেমুৱে লিভাৰত জমা হোৱা টক্সিন বাহিৰ কৰি লিভাৰটোক সুস্থ কৰি ৰাখে৷


[৮] অত্যধিক গাখীৰ সেৱন কৰা লিভাৰৰ কাৰণে ভাল নহয়৷


[৯] ইয়াৰ উপৰি সুস্থ লিভাৰৰ বাবে সেউজীয়া শাক-পাচলি, আম, মধুৰিআম, আমলখি, নহৰু, তিতাকেৰেলা, পদিনা, ভেদাইলতা, আদা আদি পাৰ্যমানে খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here