বাহি ৰুটী খালে কি হয় আচৰিত লাভ ?What is the miraculous benefit of consuming Stale Chapati?

0
974
সাধাৰণতে বাহি খাদ্য খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক ৷ ১৫ ঘণ্টা উকলি যোৱা বাহি খাদ্য খালে শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যা, এচিডিটি, ফুড পইজনিং, গেছ, পেটৰ বিভিন্ন সমস্যা হ’ব পাৰে৷ পিছে আপুনি জানি আচৰিত হ’ব যে ১২-১৩ ঘণ্টাৰ ভিতৰৰ বাহি ৰুটী শৰীৰৰ কাৰণে অপকাৰী নহয়, বৰং ই শৰীৰৰ কিছু কিছু সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে৷ ইয়াৰ বাবে লাগিব সঠিক নিয়ম, সময় আৰু পৰিমাণ ৷ তেন্তে জানো আহক বাহি ৰুটী খালে কি লাভ হয়৷

(১) বাহি ৰুটী ঠাণ্ডা গাখীৰৰ লগত পুৱা খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ বাবে ঠাণ্ডা গাখীৰত ১০ মিনিটমান বাহি ৰুটী ভিজাই ৰাখি ব্ৰেকফাষ্ট হিচাপে খাব পাৰে৷

Bhavesh K Pandey on Twitter: "दूध, रोटी, चीनी, चम्मच .... #milkchallenge… "


(২) বাহি ৰুটী ঠাণ্ডা গাখীৰৰ লগত ৰাতি শোৱাৰ আগতে খালে গেছ, এচিডিটি, পেট ফুলা, কোষ্ঠকাঠিন্য আদিৰ সমস্যা নিৰাময় হয়৷


(৩) গাখীৰৰ লগত বাহি ৰুটীৰ সেৱনে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ গৰমৰ দিনত ইয়াক খালে শৰীৰটো ঠাণ্ডা হৈ থাকে আৰু Heat stroke হোৱাৰ সম্ভাৱনা দূৰ হয়৷

बासी रोटी सुबह दूध के साथ नाश्ते में खाने से इन रोगों में मिलता है फायदा - Chalta Purza


(8) আপুনি যদি ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে, তেন্তে ব্ৰেক ফাষ্টত বাহি ৰুটী খোৱা কৰক৷ কিয়নো ইয়াত কেলৰি আৰু ফেট দুয়োটাই কম থাকে৷


(৫) যিসকল লোকৰ ডায়েবেটিছ আছে, তেওঁলোকৰ বাবে বাহি ৰুটী উত্তম ৷ ইয়াৰ বাবে দিনৰ যিকোনো সময়ত ঠাণ্ডা গাখীৰত ১০ মিনিটমান বাহি ৰুটী ভিজাই খাব পাৰে৷
*অৱশ্যে ১৫ ঘণ্টা উকলি যোৱা বাহি ৰুটী খোৱা কেতিয়াও উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here