চাইকেল ৰেলীৰে ভৰলুৰ ঐতিহ্য ঘূৰাই আনিবলৈ কোনে জনালে আহ্বান ? Who has called for restoration of the Bharalu’s past glory with a cycle rally?

0
833
গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নদীৰ পুনৰ উজ্জীৱিতৰ বাবে আত্মপ্ৰকাশ কৰা ‘Save Bharalu’ অভিযান গোটে জনসচেতনতাৰ কাৰ্যসূচী হিচাপে ২৬ ছেপ্টেম্বৰত এক বিশাল চাইকেল ৰেলীৰে বিশ্ব নদী দিৱস উদ্‌যাপন কৰে৷ এই উদ্দেশ্যে ভৰলু নৈত আৰম্ভ হোৱা গুৱাহাটীৰ জোনালীৰ পৰা টিলিঙা স্প’ৰ্টছ ক্লাবৰ সহযোগত ক্লাবৰ ৫০ জনীয়া সদস্য-সদস্যাৰ ৰেলী শংখ, তাল, টিলিঙাৰ মাংগলিক ধ্বনিৰ মাজেৰে পতাকা জোকাৰি শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই৷ ইয়াৰ পাছেত ৰেলী আগবাঢ়ে ভৰলুৰ পাৰে পাৰে আৰু কিছু অংশত পথ বন্ধ কৰি ঘৰ সজোৱাৰ বাবে তৰুণ নগৰৰ আৱাসিক এলেকাৰ মাজেৰে গৈ ভৰলু সাঁকোৰে নদী পাৰ হৈ ৰাজগড় ওলায়৷ তাৰ পৰা জি এছ ৰ’ড পাৰ হৈ মাঝাৰ পথেৰে আকৌ ভৰলুৰ পাৰে পাৰে গৈ থকা এই ৰেলী কুমাৰপাৰা নামঘৰৰ সমিতিয়ে আদৰণি জনায়৷ উক্ত ঠাইত অনুষ্ঠিত সজাগতা সভাত উদ্যোক্তাসকলৰ তৰফৰ পৰা ডাঃ ৰবীন মজুমদাৰ আৰু ডাঃ বলেন দাস আৰু চাইকেল ৰেলীত অংশগ্ৰহণ কৰা আয়ুক্ত দেৱাশিস শৰ্মাই এই ৰেলী তথা ‘ছেভ ভৰলু অভিযান’ গোটৰ উদ্দেশ্যৰ লগতে পৌৰ নিগমৰ সদিচ্ছাৰ কথাৰে বক্তব্য দাঙি ধৰে৷ ৰেলীৰ সামৰণি পৰে প্ৰাগজ্যোতিষ কলেজ প্ৰাংগণত৷ আয়ুক্ত দেৱাশিস শৰ্মাই কয় যে ভৰলুৰ পুনৰ ঐতিহ্য ঘূৰাই অনাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ হৈছে৷ এই অভিযান সফল হ’ব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰি নাগৰিকক এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here