ভেণ্ডিৰ এনে কি উপকাৰী গুণ আছে ? What are the special health benefits of Lady’s finger?

0
717
সাধাৰণতে ভেণ্ডিক খাদ্য হিচাপে প্ৰায়ভাগ লোকেই খাবলৈ ভাল নাপায়৷ বহুতেই ইয়াক খাবলৈ অৱহেলা কৰে৷ যেতিয়া পাকঘৰত একো এটা খাদ্য নাথাকে, তেতিয়াহে ৰান্ধনীয়ে ইয়াক বনায়, একমাত্ৰ খাদ্য-তালিকা পূৰ কৰিবলৈ৷ কিন্তু আচৰিত কথাটো হ’ল আমি খাবলৈ মন নকৰা ভেণ্ডিত বহুতো খাদ্যগুণ পোৱা যায়৷ তেন্তে জানো আহক ইয়াৰ উপকাৰী গুণবোৰ কি-

(১) ভেণ্ডিয়ে পেটৰ কষ্টৰ পৰা মুক্তি দিয়ে৷ ইয়াত থকা ফাইবাৰে খাদ্য হজম হোৱাত বিশেষভাৱে সহায় কৰে৷


(২) ভেণ্ডিত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন পোৱা যায়৷ ইয়াৰ উপৰি ইয়াত ভিটামিন-A থকা বাবে চকুৰ কাৰণে খুব উপকাৰী৷


(৩) নিয়মিতভাৱে ভেণ্ডি খালে শৰীৰত জৰুৰী ইমিউনিটি ছিষ্টেম প্ৰস্তুত হয়৷

Ladies Finger Fry - How To Make Bhindi Fry - Vendakkai Fry - Bendakaya Fry - YouTube


(8) আনহাতে ভাইৰাছজনিত সংক্ৰমণ ৰোধ কৰাত ভেণ্ডিয়ে সহায় কৰে৷ ইয়াত থকা ভিটামিন-C য়ে ছালখনক সুৰক্ষা দিয়ে৷


(৫) তদুপৰি ভেণ্ডিত ভিটামিন-C থকা বাবে আমাৰ মৰা কোষবোৰ এৰাই গৈ নতুন কোষৰ সষ্ট হোৱাত সহায় কৰে৷ ইয়াৰ ফলত গৰমকালি ছালখন সুস্থ ৰাখিবলৈ খুব কাৰ্যকৰী হিচাপে কাম কৰে৷


(৬) ওজন নিয়ন্ত্ৰণ কৰাত ভেণ্ডি খোৱাটো দৰকাৰী৷ ডায়েবেটিছ ৰোগীৰ বাবে ভেণ্ডি মহৌষধৰ দৰে কাম কৰে৷


(৭) ভেণ্ডিত কলেষ্টৰেল লেভেল খুব কম হোৱা বাবে হৃদৰোগীৰ বাবে উপকাৰী৷


(৮) ভেণ্ডিয়ে তেজত লোহিত ৰক্ত কণিকা বৃদ্ধি কৰাত আগভাগ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here