বহি থাকিলে ভৰি লৰাই থকাটো এইবিধ ৰোগৰ লক্ষণ হ’ব পাৰে !

0
221

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে আপোনাৰো ভৰি লৰোৱা অভ্যাস আছে নেকি? যদি আছে তেন্তে আজিৰ পৰাই সাৱধান হওক৷ 
কিয়নো এই বদঅভ্যাসৰ ফলত আপোনাৰ শৰীৰত বিপজ্জনক উপসৰ্গই দেখা দিব পাৰে৷ বিশেষকৈ নাৰ্ভ বা সিৰাৰ ৰোগৰ হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা বৃদ্ধি পায় এই কুঅভ্যাসৰ ফলত৷ বহি থাকোঁতে ভৰি লৰাই থাকিলে এজন ব্যক্তিয়ে নাৰ্ভৰ সমস্যাত ভুগিব পাৰে৷ ইয়াৰ দ্বাৰা ভৰিৰ বিষৰ উপৰি বিভিন্নধৰণৰ শৰীৰৰ সমস্যাই দেখা দিব পাৰে৷ 
শেহতীয়াকৈ এক সমীক্ষাত কোৱা হৈছে যে বহি থাকোঁতে ভৰি লৰাই থকা দহ শতাংশ ব্যক্তিয়েই নাৰ্ভত সমস্যাত ভুগিছে৷ চিকিৎসকসকলে এই ৰোগবিধৰ restless leds syndrome নাম দিছে৷ শৰীৰৰ আইৰনৰ পৰিমাণ কম থকা লোকসকলৰ এই ৰোগ সহজে হোৱা দেখা যায়৷ আচলতে এই ৰোগ জেনেটিকো হ’ব পাৰে৷ সমীক্ষাত পোৱা মতে  বহি থকা অৱস্থাত ভৰি লৰাই থকা লোকসকলে এই ৰোগৰ সহজে চিকাৰ হ’ব পাৰে৷ সেয়েহে এতিয়াৰে পৰা অলপ সাৱধান হওক যাত বহি থকা অৱস্থাত ভৰি লৰাই নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here