গঢ়িলে অভিলেখ : একেৰাহে ৩০ ঘণ্টা পানীত যোগাসন অসমৰ দুই সন্তানৰ

0
1181

একেবাৰে ৩০ ঘণ্টা ছুইমিং পুলত যোগাসন কৰি অসম দুই সন্তানে অভিলেখৰ সৃষ্টি কৰিছে৷ অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীস্থিত সৰুসজাইৰ ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত একেৰাহে ৩০ ঘণ্টা সময় যোগাসন কৰি দুই অসম সন্তান বাবুল গুৰুং আৰু কুলদীপ শইকীয়াই  অভিলেখ গঢ়িলে৷
গুৰু-শিষ্য একেলগে পানীত ইমান দীঘলীয়া সময়ধৰি যোগাসন কৰি অসম বুক অব্‌ ৰেকৰ্ডছ, লিমকা বুক অব্‌ ৰেকৰ্ডছ, আৰু এছিয়া বুক অব্‌ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে কুলদীপ শইকীয়া গুৱাহাটীৰ লিটল ফ্লাৱাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here