পৃথিৱীৰ ভিতৰত আটাইতকৈ ব্যয়বহুল মহানগৰ কোনখন ?

0
1265

চাংহাই আৰু হংকঙৰ দৰে পৃথিৱীৰ কিছুমান অতি ব্যয়বহুল মহানগৰত বাস কৰা অতি ধনীসকল প্ৰচুৰ ক্ৰয় ক্ষমতা থকা সত্ত্বেও যোৱা বছৰটোত চিন্তিত হৈ পৰে৷ অতি বিলাসী সামগ্ৰীসমূহৰ দাম বৃদ্ধি পোৱাৰ বাবে এনেবোৰ মহানগৰ বেছি ব্যয়বহুল হৈ পৰিছে৷
আনহাতে লণ্ডন আৰু নিউয়ৰ্কৰ দৰে মহানগৰত বাস কৰা সম্পত্তিশালী ব্যক্তিসকলে বেছি ধন ভৰিবলগীয়া হয় ডিজাইনাৰ হেণ্ডবেগ, জোতা, ছুট আৰু ঘড়ীত৷ জুলিয়াছ বিয়েৰ লিমিটেডৰ তথ্য মতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ব্যয়বহুল মহানগৰ চাংহাই৷ 
আগৰ বছৰো চাংহাই প্ৰথম স্থানত আছিল৷ দ্বিতীয় লণ্ডন৷ টকিঅ’ক চেৰ পেলাই লণ্ডন দ্বিতীয় স্থানলৈ উঠে৷ আনহাতে টকিঅ’ৰ স্থান অষ্টমলৈ নামে৷ যোৱা বছৰতকৈ এই বছৰ নিউয়ৰ্কৰ স্থান এঢাপ কমি ১১ হয়৷ তথ্য মতে বিশ্বৰ ৫০০ অতি ধনী লোকৰ সামগ্ৰিক সম্পত্তি এই বছৰ ১.৪ ত্ৰিলিয়ন ডলাৰ হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here