বন্ধ হৈ গ’ল ক’ৰোনাৰ ভেকচিনৰ প্ৰয়োগ ! ভেকচিন প্ৰয়োগ কৰা মানুহৰ গাত অচিন ৰোগৰ উপসৰ্গ !

0
3927

এই সময়ৰ আটাইতকৈ দুঃখবৰ ! ইমান দিনে আমি সকলোৱে অপেক্ষা কৰি আছিলো যে ক’ৰোনাৰ অৱসান হ’ব কেতিয়া ? বজাৰলৈ কেতিয়া আহিব ক’ৰোনাৰ ভেকচিন ?

বিভিন্ন দেশৰ স্বনামধন্য  বিজ্ঞানীসকলে ভেকচিন প্ৰস্তুতৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আহিছে। ভেকচিন প্ৰস্তুতৰ এই দৌৰিত আগত আছিল ৰাছিয়াৰ স্পুটনিক-৫ ছিটা আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিন।

ভাৰত বায়োটেক আৰু অষ্ট্ৰাজেনেকাৰ যৌথ প্ৰচেষ্টাত ইতিমধ্যে গৱেষণাৰ ক্লিনিকেল ট্ৰায়েলৰ তৃত্বীয় স্তৰত থকা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিন “এজেড ডি ১২২২” আটাইতকৈ ফলপ্ৰসূ বিবেচিত হৈছিল। শেহতীয়াকৈ গৱেষণাৰ তৃতীয় স্তৰত মানৱ শৰীৰত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হৈছিল এজেড ডি ১২২২ ছিটা। ভৱা হৈছিল যে অনাগত অদূৰ দিনত ই ক’ৰোনাৰ অৱসান ঘটাই মানৱ জাতিক উদ্ধাৰ কৰিব। কিন্তু তৃতীয় স্তৰৰ পৰীক্ষামূলক প্ৰয়োগত এজন মানুহৰ গাত দেখা দিছে অচিন ৰোগৰ উপসৰ্গই। লগে লগে অষ্ট্ৰাজেনেকাৰ মুৰব্বীয়ে সাময়িকভাৱে স্থগিত কৰা বুলি ঘোষনা কৰিছে অক্সফ’ৰ্ডৰ ভেকচিন। উল্লেখ্য যে যোৱা ৩১ আগষ্টৰ পৰা ২০,০০০ লোকৰ গাত যাদৃশ্যিকভাৱে (Randomly) প্ৰয়োগ আৰম্ভ হৈছিল এজেড ডি ১২২২ ভেকচিনৰ।

ভেকচিন প্ৰয়োগৰ ফলত দেখা দিয়া উপসৰ্গৰ কাৰণে ইয়াৰ প্ৰয়োগ বন্ধ হৈ যোৱাত এতিয়া সকলোৱে আশাহত হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here