এজমা বা হাপানী ৰোগ… কি কৰিব ? কি নকৰিব ?

1
3736

#ডাঃ ৰেইনী দেৱী

#এজমা_ৰোগৰ_কাৰক :-জেনেটিক কাৰণ বা পাৰিপাৰ্শ্বিক কাৰকৰ বাবে সাধাৰণতে এজমা ৰোগ হোৱা দেখা যায়। আৰু আন বহুতো কাৰক আছে ।  এজমা ৰোগ সৃষ্টিৰ কাৰক সমূহ হৈছে :-

???? ধোঁৱা, ধূলি, ফুলৰ ৰেণু, জীৱ জন্তুৰ নোম, পৰিবেশ প্ৰদূষণ, ঠাণ্ডা আৰু শুকান বতাহ, উগ্ৰ গোন্ধযুক্ত পাৰ্ফিউম আদি

???? চৰ্দি,পানীলগা, নিউমনীয়া, ভাইৰাছ, বেক্টেৰিয়া আদিৰ সংক্ৰমণৰ বাবে।

???? চিগাৰেট সেৱন বা পৰোক্ষ ভাবে ইয়াৰ ধোঁৱা সেৱন কৰা।

????কিছুমান বিশেষ ঔষধি সেৱনৰ ফলত

???? কেতবোৰ খাদ্যত থকা বিশেষ কিছুমান পদাৰ্থৰ বাবে যেনে ফাষ্ট ফুডত থকা  মন চডিয়াম গ্লুতামেট বা msg আদি।

???? ব্যায়াম , শোক, দুচিন্তা, মানসিক উদ্বেগ ইত্যাদিৰ বাবে

????আৰু অন্যান্য বহু কাৰণ। 

????????লক্ষণসমূহৰ উপৰিও স্পাইৰ’মেট্ৰি, বুকুৰ এক্স ৰে, তেজৰ ইয়োচিন’ফিল, IgE পৰীক্ষা আদি কেতবোৰ পৰীক্ষাৰ দ্বাৰা এই ৰোগ চিনাক্ত কৰা হয়। হাপানী বা এজমা ৰোগৰ চিকিৎসাত এলাৰ্জি প্ৰতিৰোধী ঔষধ, ষ্টেৰয়ড, ব্ৰংক’দাইলেটৰ , ইনহেলাৰ আদি প্ৰয়োগ কৰা হয়। এই ঔষধি সমূহে ৰোগ নিয়ন্ত্ৰণত ৰোগীক বহু সকাহ দিয়ে। এজমা ৰোগৰ চিকিৎসাৰ মুখ্য লক্ষ্য হৈছে:- এই ৰোগ সৃষ্টিকাৰী  মুখ্য কাৰকসমূহৰ পৰা আঁতৰি থকা, বায়ুনলিকাৰ সংকোচন ৰোধ কৰা, হাওঁফাওঁৰ প্ৰদাহ ৰোধ কৰা ইত্যাদি।

এজমা ৰোগীৰ বাবে উপকাৰী কেইবিধমান দিহা হৈছে:-

???? ধোঁৱা ,ধূলি, ঠাণ্ডা বতাহ, চিগাৰেট সেৱন আদিৰ পৰা বিৰত থাকক। ঠাণ্ডা বতাহৰ পৰা আঁতৰি থাকক। ধূলি ,ধোঁৱাৰ পৰা বিৰত থাকিবলৈ মাস্ক ব্যৱহাৰ কৰিব পাৰে।

???? কিবা খাদ্যৰ পৰা এলাৰ্জি আছে নেকি ধ্যান দিয়ক আৰু তেনে খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। ৰোগ হৈ থকা অৱস্থাত বেঙেনা, উৰহি, মাতিদাইল, কচু , বৰা চাউল আদি নাখাব। কাৰণ এইবোৰ খাদ্য কফবৰ্ধক আৰু এইবোৰ এলাৰ্জিৰ কাৰক হব পাৰে। ঠাণ্ডা পানী, ঠাণ্ডা খাদ্য, দৈ আদিও কফবৰ্ধক। অত্যাধিক চেনি দিয়া খাদ্য, ফাষ্ট ফুড এৰাই চলক। মানসিক চাপ কম লওক।

???? শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মাজে মাজে তুলসী, নিম, আমলখি আদি সেৱন কৰক। এইবোৰে তেজৰ শোধন কৰে আৰু এলাৰ্জিৰ সমস্যা কম কৰে। আদা, তুলসীৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক চাহ ও উপকাৰী। আমলখিৰ চূৰ্ণ, তুলসীৰ চূৰ্ণ ও সেৱন কৰিব পাৰে।

????শ্ৰৱনপ্ৰাচ সেৱন কৰিলেও সুফল পোৱা যায়।

????  ৰোগীয়ে দৈনিক এচামুচকৈ মৌ সেৱন কৰিব পাৰে।

???? দুচামুছ হালধিৰ ৰস একাপ গাখীৰৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত সেৱন কৰিব পাৰে।

????সম পৰিমানৰ শুকান আদা গুৰি আৰু হালধি গুৰি বটলত ভৰাই ৰাখি থব। তাৰে দৈনিক আধা চামুচ গৰম পানীৰ লগত  সেৱন কৰক।

???? শেৱালি ফুল খাৰ দি খাব পাৰে নাইবা  আদা নহৰু দি ভাজি খাবও পাৰে। শেৱালিৰ কোমল পাতৰ বৰ খাব পাৰে । শেৱালি পাতৰ ৰস মৌ দি খালেও সুফল পোৱা যায়। ( আধা চামুচ বা এচামুছ ৰস মৌৰ লগত )

???? যষ্টিমধু বা মুলেঠি এডোখৰ, পিপ্পলি দুই বা তিনি ডোখৰ, শুকান আদা এডোখৰ এগিলাচ পানীত উতলাই আধা গ্লাছ থাকোতে নমাই থব। ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই থব। দিনে  চাৰি চামুচ কৈ তিনিবাৰ অকণমান মৌ দি সেৱন কৰক ।শিশুসকলক বাদ দি বাকীসকল লোকে এইবিধ সেৱন কৰিব পাৰে।

???? শিশুসকলক আমাৰ পৰম্পৰাগত ভাবে প্ৰচলিত কেঁচা আদাৰ ৰস, তুলসী পাতৰ ৰস আৰু মৌ মিহলাই খুৱাব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে অন্য ঔষধি খুউৱা উচিত।

???? দুকাপ পানীত তুলসী পাত কেইটামান, আদাৰ ৰস, জালুক দুটামানৰ গুৰি, লং দুটামান একেলগে উতলাই একাপ থাকোতে নমাই থওক। অলপ ঠাণ্ডা হোৱাৰ পাছত এচামুছ মৌ দি সেৱন কৰক।

???? পুৰণা চাউলৰ ভাত, তিতাবাহকৰ ফুল উত্তম পথ্য। তিতাফুল ভাজি খালেও কিছু সকাহ পোৱা যায়।

???? এজমা ৰোগীয়ে নিয়মিত ভাৱে প্রানায়ম কৰিব লাগে।

???????????? ঠাণ্ডা দিনত এজমা ৰোগৰ প্ৰাবল্য বেছি হয় । সেয়েহে শীতৰ দিনকেইটাত অলপ সতৰ্কতা অৱলম্বন কৰা উচিত। বিশেষকৈ শিশুৰ শৰীৰত ঠাণ্ডা লগাব নালাগে আৰু ধোঁৱা , ধূলি আদি এলাৰজেনৰ পৰা যিমান পাৰে আতৰাই ৰাখিব লাগে। ৰোগীৰ অৱস্থা জটিল হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here