কোৰোনা কালত ঘৰতেই লব পৰা সাবধানতা

0
4139

ডাঃ নিতুল বৈশ্য

ক’ৰোনাৰ বিষয়ে পাতনিৰ কোনো প্ৰয়োজনেই নাই। সম্প্ৰতি ক’ৰোনাই এনে সংহাৰী ৰূপ ধাৰণ কৰিছে যে বেছি দূৰ যাবৰ দৰকাৰ নাই, খোদ আমাৰ ৰাজ্যতেই কি চৰকাৰী কি বেচৰকাৰী, সকলো চিকিৎসালয়তেই বিচনাৰ অভাৱ। বিষেশকৈ ক’তো আই চি ইউ বেড খালী নাই। এক ভয়াবহ পৰিস্থিতি। গুৱাহাটীৰ শ্মশানত ক’ৰোনাক্ৰান্তৰ মৃতদেহৰ শাৰী। মৃতদেহ সৎকাৰৰ বাবে ঠাইৰ নাটনি। প্ৰশাসনৰ মুৰৰ কামোৰণি। পৰিয়াল, আত্মীয়-কুতুম্বই বিৰহত বিনাইছে; শেষকৃত্যত আপোনজনক শেষবাৰলৈ চোৱাৰ হেঁপাহত হিয়া-ঢাকুৰি কান্দিছে।

কিন্তু এই দুঃসময়ক আমি প্ৰতিহত কৰিব লাগিব। আমাৰ দিন-যাপনৰ পঞ্জী কি আৰু কেনেকুৱা হ’ব, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব আমাৰ অনাগত সময়ৰ প্ৰাচুৰ্য।

আজি আমি আপোনালোকক এই দুঃসময়ত আপোনাৰ দিনপঞ্জী কেনেকুৱা হ’ব লাগে, সেই বিষয়ে ক’বলৈ ওলাইছো।

(১) ৰাতিপুৱা যিমান পাৰে সোনকালে শুই উঠিব। ব্ৰহ্ম মূহুৰ্তত উঠাৰ অভ্যাস কৰিব। মানে সূৰ্যোদয়ৰ সময়ৰ পৰা ৪৮ মিনিটৰ ভিতৰত উঠিব।

(২) ৰাতিপুৱা শুই উঠি লঘু শাৰীৰিক ব্যায়াম যেনে- খোজ কঢ়া, দৌৰা, প্ৰাণায়াম বা যোগাসন আদি যিটোৱে আপুনি কৰি ভাল পায়, আপোনাৰ কৰাৰ সুবিধা হয়, সেয়া কৰিব। ব্যায়াম, যোগাসন, প্ৰাণায়াম আদি কৰিলে  কোঠাৰ ভিতৰত বা ঘৰৰ চৌহদৰ ভিতৰতেই কৰিব। মৰ্ণিং ৱাক কৰিবলৈ বা দৌৰিবলৈ ঘৰৰ বাহিৰলৈ ওলালে মাস্ক নিপিন্ধাকৈ কেতিয়াও নোলাব।

(৩) প্ৰাতঃকৰ্ম সমাপন কৰি আপুনি নিমখ-পানীৰে কৱল বা গণ্ডুচ বা গাৰ্গ্লিং কৰিব। হেক্সিডাইন বা বিটাডাইন পানীয়ৰেও গাৰ্গ্লিং কৰিব পাৰে।

(৪) গাৰ্গ্লিং কৰাৰ পিছত ১০-২০ মিনিট সময় একো নাখাব। তাৰ পিছত কুহুমীয়া গৰম পানী ২-৪ গিলাচ (২৫০-১০০০ মিঃলিঃ) খাব।

(৫) ৰাতিপুৱাৰ আহাৰ বা ব্ৰেকফাষ্ট কেতিয়াও নোখোৱাকৈ নাথাকিব। Never SKIP your breakfast. কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগতে ৰাতিপুৱাৰ আহাৰ বা ব্ৰেকফাষ্ট খাই ল’ব।

(৬) এতিয়া যিহেতু আনল’ক আৰম্ভ হৈ গ’ল, গতিকে অফিচ-কাছাৰীও আৰম্ভ হৈ গ’ল।

যদি সম্ভৱ, কৰ্মক্ষেত্ৰলৈ যাবৰ বাবে ৰাজহুৱা পৰিবহণ বাদ দি নিজা বাহন ব্যৱহাৰ কৰক।

(৭) ৰাজহুৱা বা ব্যক্তিগত বাহন, আপুনি যেনেকেই নহওঁ‌ক কিয়, কৰ্মক্ষেত্ৰলৈ যাবৰ বাবে ঘৰৰ বাহিৰলৈ ওলালেও মাস্ক পৰিধান কৰিব। মাস্ক নিপিন্ধাকৈ কেতিয়াও চৌহদৰ বাহিৰলৈ নোলাব।

(৮) কৰ্মক্ষেত্ৰত লিফট্ ব্যৱহাৰ নকৰি চিৰি বা খটখটি ব্যৱহাৰ কৰক।

অগত্যা লিফট্ ব্যৱহাৰ কৰিব লগা হ’লেও লিফট্ চুইছ্ স্পৰ্শ কৰাৰ পিছত চেনিটাইজাৰ ব্যৱহাৰ কৰক।

(৯) বাহিৰত খোৱাৰ অভ্যাস ত্যাগ কৰক। কৰ্মক্ষেত্ৰত কেণ্টিনত খোৱা বাদ দিয়ক। ঘৰৰ পৰা দুপৰীয়াৰ আহাৰৰ বাবে টিফিন লোৱাৰ ব্যৱস্থা কৰক। সকলোৱে টিফিন খোৱা ঠাইত নাখাই, আপুনি আপোনাৰ টিফিন অলপ আছুতীয়া ঠাইত খাব।

ঘৰৰ পৰা টিফিন লোৱাৰ অভ্যাসৰ ফলত আপোনাৰ খৰচ কমিব, ক’ৰোনা সংক্ৰমণৰ সম্ভাৱনা কমিব আৰু আপুনি মন পচন্দৰ স্বাস্থ্যসন্মত আহাৰ খাবলৈ পাব।

(১০) কৰ্মক্ষেত্ৰৰ পৰা ঘুৰি আহি ঘৰ সোমোৱাৰ আগতে আছুতীয়া বাথৰূম বা পিৰালি বা চোতালতেই অকাশৰীকৈ কাপোৰ সলাই গা ধুইহে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব।

(১১) যি কাপোৰ পিন্ধি এবাৰ বাহিৰলৈ ওলাব, সেই কাপোৰ নুধুৱাকৈ ঘৰৰ ভিতৰলৈ কেতিয়াও নিনিব বা নুধুৱাকৈ পুনৰ্ব্যৱহাৰ নকৰিব।

(১২) গ্ৰীষ্মকালক বাদ দি অন্য ঋতুত দুপৰীয়া শুৱাৰ অভ্যাস নকৰিব।

(১৩) হোটেলত খোৱা, গেট-টুগেদাৰ কৰা, বাৰত পাৰ্টী কৰা আদি বাদ দিয়ক।

শ্ব’পিং ম’ললৈ ৪পৰাপক্ষত নোযোৱাকৈ থকাটোৱে ভাল। অনলাইন মাৰ্কেটিংত গুৰুত্ব দিয়ক। অৱশ্যে, ডেলিভাৰ্দ আইটেমটো অ’পেন কৰাৰ পিছত হাত ধুই ল’ব আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব।

(১৪) শাক-পাচলি কিনিবলৈ উমৈহতীয়া সময়, মানে যি সময়ত সকলো মানুহেই বজাৰলৈ যায়, যেনে – গধুলি সময়ত, আপুনি তেনে সময়ত শাক-পাচলি বা মাছ-মাংসৰ বজাৰলৈ নাযাব।

(15) লঘোন নিদিব। উপবাস নৰখাই ভাল। প্ৰতিদিনে অলপ হ’লেও গৰুৰ গাখীৰ খাব। সুষম আহাৰ খাব। শাক-পাচলি, আঁ‌হজাতীয় খাদ্য আৰু যঠেষ্ট পৰিমাণে পানী খাব।

(১৭) ৰাতি সোনকালে শুৱ। বেছি দেৰি উজাগৰে নাথাকিব। ৰাতিৰ আহাৰ নোখোৱাকৈ নুশুৱ।

(১৮) অনাহকত কোনো কাৰণতেই ৰাজহুৱা স্থানলৈ নোলাব।

(১৯) আপুনি লগ পোৱা প্ৰতিগৰাকী লোকেই একোজন ক’ৰোনা ৰোগী বা ক’ৰোনাৰ কেৰিয়াৰ হ’ব পাৰে – এই কথা মনত ৰাখিব।

(২০) আপুনি স্পৰ্শ কৰা প্ৰতিটো বস্তুতেই ক’ৰোনা ভাইৰাচ থাকিব পাৰে, য’ৰ পৰা আপোনাৰ হাতেৰে বীজানু আপোনাৰ শ্বাসতন্ত্ৰত প্ৰৱেশ কৰিব পাৰে।

মাস্ক আপোনাৰ ব্ৰহ্মাস্ত্ৰ। বাধ্যতামূলকভাৱে মাস্ক পিন্ধক।

আনল’ক মানেই সাপ্তাহিক মাছৰ বজাৰ নহয়।

আপুনি নিজেই বিচাৰ কৰক —-

ৰাজহুৱা স্থানত ছয় ফুটৰ সামাজিক দূৰত্ব বজাই ৰাখি থিয় হ’ব

নে

শ্মশানত ছয় ফুট তলত ক’ফিনত শুৱ ?

সুস্থ অৱস্থাতেই মাস্ক পিন্ধিব

নে

হাস্পতালত অক্সিজেন মাস্ক পিন্ধিব ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here