বনভূমি দখলত প্ৰথম স্থানত অসম

0
1220

বনভূমি দখলৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অসম৷ ৰাজ্যখনৰ বৃহৎ পৰিমাণৰ বনভূমি দখল হৈছে৷ লোক সভাত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ বিভিন্ন ৰাজ্যত হোৱা বনভূমি দখলৰ পৰিসংখ্যা দাঙি ধৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে অসমত  ৩,৭৭,৫৩২.৬৩ হেক্টৰৰ বনভূমিত বেদখল হৈছে৷ 
উল্লেখ্য যে অসমত বৃহৎ পৰিমাণৰ বনভূমি দখল হোৱাৰ বিপৰীতে কিন্তু গোৱা, লাক্ষাদ্বীপ, পুডুচেৰীত এক হেক্টৰ বনভূমিও দখল হোৱা নাই৷ আনহাতে ৰাজ্যখনত বৃহৎ পৰিমাণৰ বনভূমি বেদখল হোৱাৰ ফলত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতো৷ এই সংঘাতৰ ফলত প্ৰতি বছৰে ৰাজ্যখনত হাতী আৰু মানুহৰ মৃত্যুৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ৰাজ্য চৰকাৰে সময়ে সময়ে দখলকাৰীসকলক উচ্ছেদ কৰে যদিও এই ক্ষেত্ৰত আজিলৈকে বিশেষ সফল হোৱা নাই৷ যাৰ ফলত ৰাজ্যখনত থকা বনভূমিৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here