জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে দৰঙত

0
780

যোৱা কেইদিনমান ধৰি ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াভাৱে দৰং জিলাতো এই ৰোগবিধ দ্ৰুত গতিত সংক্ৰমণ হৈ পৰিছে৷ দৰঙত এই ৰোগত শতাধিক লৈ আক্ৰান্ত হৈছে৷ জিলাখনত এই ৰোগত কেইবাজানো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ বৰ্তমানলৈ জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ সাতগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ তাৰ ভিতৰত দৰঙৰ খাৰুপেটীয়াৰ অশোক সাহা, খাৰুপেটীয়াৰ পদোঘাটৰ বাগদাদ হুছেইন, ৰুমিলা বেগমৰ জাপানীজ এনকেফেলাইটিত ৰোগৰ আক্ৰান্ত হৈ মৃতুমুখত পৰিছে৷ 
এনকেফেলাইটিছ সদৃশ ৰোগত মঙলদৈৰ ৰতন ৰয়, নামখলাৰ উদয় চহৰীয়া, মঙলদৈৰ গেৰিমাৰীৰ দেৱকান্ত ভূঞাৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে৷ বানে বিভীষিকাৰ সৃষ্টি কৰাৰ পাছতে দৰঙত এইদৰে জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱাৰ খবৰে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মেলেৰিয়া বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো পদেক্ষপ নোলোৱা বুলি স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰিছে৷ ৰাইজে জনোৱা মতে সময় থাকোঁতে যদি স্বাস্থ্য বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত আৰু অধিক লোক এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে অঞ্চলবাসীয়ে৷ সেয়েহে অতিশীঘ্ৰে স্বাস্থ্য বিভাগক ফগিং তথা এই ৰোগত বিষয়ে সজাগতা সৃষ্টি উদ্দেশ্যে কাৰ্যব্যৱস্থ্য গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here