স্বাৱলম্বিতা ! সূৰ্যমুখী জলকীয়া তৰমুজৰ খেতিৰে সমাদৰ

0
244

সূৰ্যমুখী জলকীয়া আৰু তৰমুজ খেতিত এতিয়া বিশেষ সমাদৰ লাভ কৰিছে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী তথা চতিয়া সমষ্টিৰ অন্তৰ্গত সবাইযাৰৰ যুৱ কৃষক ৰঞ্জন ৰামশ্ৰী আৰু লিনকন ৰামশ্ৰীয়ে৷ অসম-অৰুণাচল সীমান্তৰ চিজুছাৰ পৰা প্ৰায় ১৫ কিল’মিটাৰ ভিতৰত অৱস্থিত সবাইযাৰ নিৱাসী দুই যুৱ ভাতৃ কৃষকে বজাৰলৈ উলিয়াই দিছে সূৰ্যমুখী জলকীয়া আৰু তৰমুজ৷ বহু ভিতৰুৱা সবাইযাৰ অঞ্চলৰ ভাতৃদ্বয়ৰ এই কৃষিকৰ্ম এতিয়া বিশেষ চৰ্চালৈ আহিছে৷ দুই ভাতৃদ্বয়ে এতিয়া দহজনৰ বাবে হৈ পৰিছে এক আদৰ্শ৷ কাৰণ এবিধ বিশেষ জলকীয়াৰ নাম সূৰ্যমুখী৷ কম মাটিত, কৃষি বিভাগৰ প্ৰশিক্ষণ আৰু সহযোগিতা অবিহনেই দুই ভাতৃয়ে এইবাৰ উন্নত প্ৰজাতিৰ সূৰ্যমুখী জলকীয়াৰ লগতে তৰমুজ বিক্ৰী কৰি লাভ কৰিছে ১৫ লাখকৈ টকা৷ 
জৈৱিক প্ৰচেষ্টাত কৰা এই খেতিৰ উৎপাদিত ফচলে বজাৰতো লাভ কৰিছে এতিয়া বিশেষ সমাদৰ৷ যুৱ কৃষক ভাতৃদ্বয়ে কয় যে সূৰ্যমুখী জলকীয়াৰ বাবে অতি উপযুক্ত এই অঞ্চল৷ ৰাসায়নিক সাৰ, কীট নাশকৰ বিপৰীতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই খেতিৰ ফচল আমি শোণিতপুৰ, বিশ্বনাথ জিলাৰ বিভিন্ন বজাৰৰ লগতে অৰুণাচলৰ বজাৰলৈও প্ৰেৰণ কৰিছোঁ৷ অতি কম খৰচত এই জলকীয়া খেতি কৰিব পাৰি আৰু অধিক টকাও উপাৰ্জন কৰিব পাৰি৷ 
কৃষি বিভাগৰ কোনো পৰমৰ্শ নোলোৱাকৈয়ে নিজা চিন্তা-প্ৰণালীৰে মুঠ পাঁচ বিঘা মাটিত সূৰ্যমুখী জলকীয়া খেতি কৰি সম্প্ৰতি স্বাৱলম্বী হৈ পৰা বুলিও মন্তব্য কৰে কৃষক ভাতৃদ্বয়ে৷ তৰমুজ খেতি কৰিও ব্যৱসায়ত সফল হোৱাৰ কথা ব্যক্ত কৰে যুৱ ভাতৃদ্বয়ে৷ নতুনচাম যুবকৰ বাবে আদৰ্শ হৈ উঠা এই কৃষক ভাতৃদ্বয়ক চৰকাৰে উপযুক্ত সা-সুবিধাৰে সহযোগিতা আগবঢ়ালে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকল উৎসাহিত হোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক ভেটিও সবল হোৱাৰ থল আছে বুলি মন্তব্য কৰে অঞ্চলটোৰ সচেতন মহলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here