বজ্ৰাসনে গেছ-এচিডিটি নিৰ্মূল কৰে

0
820


আজিকালি প্ৰায়ভাগ মানুহৰে বেছিকৈ গেছ, এচিডিটি, বদহজম, পেটৰ বিভিন্ন সমস্যা হোৱা দেখা যায়৷ এটা স্বাস্থ্যসন্মত জীৱনশৈলী নোহোৱাৰ ফলতে এনেধৰণৰ সমস্যাসমূহে মানৱ সমাজত গা কৰি উঠিছে৷ খোৱা-লোৱাৰ নিৰ্দিষ্ট সময় নোহোৱা, ভেজাল খাদ্য, শাৰীৰিক পৰিশ্ৰমবিহীন জীৱন, একে ঠাইতে বহি কাম কৰি থকা, ওপৰা-উপৰিকৈ যিহকে পাই তাকে খোৱা, খাই উঠিয়েই শুবলৈ যোৱা আদিসমূহে সাধাৰণতে বদহজম, গেছ, এচিডিটিৰ কাৰণ৷

সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা সহজ উপায় হৈছে বজ্ৰাসন৷ এই আসনত আপুনি কেৱল নিজৰ আঁঠুৰ ওপৰত বহি থাকিলেই হ’ল৷ গতিকে নহয়নে ই একেবাৰে সহজ কাম!আনকি আপুনি খাদ্য খাই উঠিও এই ব্যায়াম কৰিব পাৰে৷ এই ব্যায়াম কৰোঁতে আপুনি আঁঠুৰ ওপৰত ভৰ দি ভৰিৰ তলুৱাত লগাকৈ পোন হৈ যিমান দেৰিলৈ ইচ্ছা কৰে বহি থাকিব পাৰে৷

All You Need To Know About Vajrasana Benefits | Femina.in

*এনেদৰে বজ্ৰাসন কৰাৰ ফলত পাচন শক্তি বৃদ্ধি হয়, পেটৰ বায়ু নিষ্কাশন হয়৷ ফলত পেটৰ বিভিন্ন সমস্যা, গেছ, বদহজম আদিৰ পৰা পৰিত্ৰাণ পাব পাৰি৷


* বজ্ৰাসনে খাদ্য হজম হোৱাত সহায় কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে৷


* ইয়াৰ উপৰি তেজ চলাচল প্ৰক্ৰিয়া উন্নীতকৰণ, মানসিক অৱসাদ দূৰ কৰা, কঁকাল, আঁঠু, ভৰি আদিৰ গাঁঠি মজবুত কৰাত বজ্ৰাসনে উল্লেখযোগ্য ভূমিকা পালন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here