খালী পেটত নেমু পানী খাওক ওজন হ্ৰাস কৰক

0
425

নেমুক খাদ্যৰ সৈতে প্ৰতিদিনে ব্যৱহাৰ কৰা হয়৷ নেমুৱে যে অকল খাদ্যৰ সোৱাদ বঢ়ায় তেনে নহয়, ই স্বাস্থ্য ৰক্ষাত বিশেষ ভূমিকা পালন কৰে৷ নেমুত ভিটামিন-C, ভিটামিন-E, ভিটামিন-B6, থিয়ামিন, নিয়াচিন, ৰাইবোফ্লেভিন আৰু ফলেট আদি উপাদান পোৱা যায়, যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ নেমু দিনটোত সকলো সময়তে খাব পাৰি যদিও ৰাতিপুৱা খালী পেটত নেমুৰ ৰস সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ খালী পেটত নেমুৰ ৰস সেৱন কৰিলে হ’ব পৰা লাভালাভসমূহ কি জানো আহক৷


(১) ৰাতিপুৱা খালী পেটত নেমুৰ ৰস সেৱন কৰিলে হজম শক্তি বাঢ়ে৷ নেমুৰ ৰসে হাইড্ৰ’ক্লৰিক এচিড আৰু পিত্ত নিষ্কাশন উৎপাদনত সহায় কৰে৷ ইয়াৰ ফলত গেছ, এচিডিটি আদি সমস্যাসমূহ নিৰাময় হয়৷


(২) নেমুৰ ৰস খালী পেটত সেৱন কৰাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ খালী পেটত নেমু ৰস খালে শৰীৰে পুষ্টিবোৰ ভালদৰে শোষণ কৰাত সহায় কৰে৷


(৩) শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ নেমুৰ ৰস ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাস কৰক৷ নেমুৰ ৰসে বিপাক ক্ৰিয়া বৃদ্ধি কৰে আৰু শৰীৰৰ চৰ্বি দহনত সহায় কৰে৷ খালী পেটত নেমুৰ ৰস খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে৷ ফলত ওজন হ্ৰাস কৰাত সহায় কৰে৷


(8) নেমুত থকা ভিটামিন-C-এ শৰীৰৰ কোলাজেন গঠন কৰে৷ ই আমাৰ ছালখন স্বাস্থ্যৱান আৰু উজ্জ্বল কৰাত সহায় কৰে৷


(৫) নেমুৰ ৰসে যকৃত পৰিষ্কাৰ কৰি ৰাখে৷ যিয়ে যকৃতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে৷


(৬) নেমুত যথেষ্ট পৰিমাণে চাইট্ৰাছ এচিড আৰু ভিটামিন-C পোৱা যায়৷ যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷


(৭)
ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে বাবে আমাৰ শৰীৰৰ পানীৰ অভাৱ দূৰ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here