গৃহ মন্ত্ৰী অমিত শ্বাহে মুকলি কৰে GMCH-ৰ কেঞ্চাৰ হাস্পতালত ৰেডিয়েশ্যন থেৰাপী ব্লক

0
1087

উত্তৰ-পূৰ্বাঞ্চললৈ দুদিনীয়া ভ্ৰমণ সূচীৰে অহা দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে ২৫ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা ৰেডিয়েশ্যন থেৰাপী ব্লক উদ্বোধন কৰে৷ ইয়াৰ লগতে হাস্পতালখনৰ লিনিয়াৰ এক্সেলেটৰ মেচিনৰো উদ্বোধন কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে৷ এই উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহৰ লগতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত৷ উদ্বোধনী ভাষণত গৃহ মন্ত্ৰীগৰাকীয়ে কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অসম বহু আগবাঢ়ি গ’ল বুলি মন্তব্য কৰে৷ অনুষ্ঠানৰ শেষত গৃহ মন্ত্ৰীগৰাকীয়ে কৰ্কট প্ৰতিষ্ঠানখনৰ চিকিৎসকৰ সৈতে এক চমু বাৰ্তালাপতো মিলিত হয়৷ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয় যে নিৰ্মীয়মাণ ৰাজ্যিক কেঞ্চাৰ ইন্‌ষ্টিটিউটত সংস্থাপিত হ’ব পেট এম আৰ আই মেচিন৷ অসমৰ বিকাশৰ নৱজাগৰণৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী অমিত শ্বাহক উচ্চ প্ৰশংসা কৰে৷ তেওঁ লগতে উক্ত অনুষ্ঠানত উদ্বোধন হোৱা তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পন্ন হৈ উঠিব বুলিও মন্তব্য কৰে৷ আনহাতে গৃহ মন্ত্ৰী অমিত শ্বাহে ২৫ জুলাইত শুভাৰম্ভ কৰা প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে কভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে৷ উক্ত অনুষ্ঠানতে ১০০টা এনে পৰিয়ালক আৰ্থিক সাহায্য দিয়া হয়৷ অহা ১৫ আগষ্টৰ ভিতৰত আন ১০০টা পৰিয়ালক সাহায্য দিয়া হ’ব বুলি চৰকাৰে আশ্বাস দিয়ে৷ উল্লেখ্য যে ২৪ জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে অহা অমিত শ্বাহে ২৫ জুলাইত শ্বিলঙৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ দিনটো বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি নিশা তেওঁ দিল্লীলৈ উৰা মাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here