বগৰীৰ কি আছে এনে অসাধাৰণ গুণ

0
636

সাধাৰণতে পুহ মাহত বজাৰ বগৰীৰে ভৰি পৰে৷ এই মাহৰ পৰা বজাৰত বগৰী সহজলভ্য হয়৷ বগৰীৰ সৈতে সৰস্বতী পূজাৰ এটা নিবিড় সম্বন্ধ আছে৷ কিয়নো সৰস্বতী পূজাত দেৱীক এই ফলবিধ বিশেষভাৱে উৎসৰ্গা কৰা হয়৷ বগৰী কেঁচাই খোৱা, টক বনাই বা বিভিন্ন ধৰণে খোৱা হয়৷ সোৱাদৰ লগতে বগৰীৰ আছে বহুতো উপকাৰী গুণ৷ জানো আহক বগৰী খালে আমাৰ কি উপকাৰ হয়৷ 

বগৰীত প্ৰচুৰ পৰিমণে ভিটামিন-চি পোৱা যায়৷ ইয়াৰ বাহিৰেও ভিটামিন-এ, পটেচিয়াম আদি পৰ্যাপ্ত মাত্ৰাত থাকে৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে টনচিলাইচিছ, জিভা বা ওঁঠৰ ঘা আদি সংক্ৰামক ৰোগ নিৰাময় কৰাত সহায় কৰে৷
বগৰী এণ্টিঅক্সিডেণ্ট গুণেৰে ভৰপূৰ হোৱা বাবে কেঞ্চাৰ, লিউকেমিয়া তথা টিউমাৰৰ দৰে মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ কৰাত সহায় কৰে৷
জ্বৰ, চৰ্দি, কাহ আদি সমস্যা বগৰীয়ে প্ৰতিৰোধ কৰিব পাৰে৷ ইয়াৰ উপৰি জিভাৰে সোৱাদ নোপোৱা, হজম শক্তি লোপ পোৱা আদি সমস্যাৰো তাৎক্ষণিক সমাধান দিয়ে বগৰীয়ে৷
বগৰীত খুব কম কেলৰি থাকে বাবে ই শক্তিৰ ভাল উৎস৷ ক্ৰমান্বয়ে পেট ডাঙৰ হৈ যোৱা, পেটৰ বিভিন্ন সমস্যা, ৰক্তহীনতা আৰু ব্ৰংকাইটিছ আদি ৰোগৰ নিৰাময় বগৰীয়ে দিয়ে৷
বগৰী ছালৰ কাৰণে অত্যন্ত উপকাৰী৷ বগৰীয়ে ছালৰ ৰুক্ষতা, ছালত পৰা বয়সৰ চাপ আদি দূৰ কৰি ছালখন কোমল কৰে৷
বগৰী অত্যন্ত উপকাৰী তেজ বিশুদ্ধকাৰক এবিধ ফল৷ আনহাতে ডায়েবেটিছ তথা উচ্ছ ৰক্তচাপজনিত ৰোগ ভোগাসকলৰ বাবে বগৰী ভাল৷
যকৃতৰ নানা ৰোগ প্ৰতিৰোধত বগৰীয়ে খুব ভাল কাম কৰে৷ যকৃতৰ কাম কৰাৰ ক্ষমতা বঢ়াই তোলে এই ফলবিধে৷
যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেওঁলোকে বগৰী সেৱন কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰে৷
বগৰীত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম আৰু ফচফৰাছ আছে বাবে দাঁত আৰু হাড় মজবুত হোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here