দেশত ক’ভিডৰ সংক্ৰমণ, পজিটিভিটিৰ হাৰ কমিছে

0
915

কেন্দ্ৰীয় চৰকাৰে কয় যে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তামিলনাডুকে ধৰি ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ  সংক্ৰমণ আৰু পজিটিভিটিৰ হাৰ কমিছে৷ আনহাতে কেৰালা আৰু মিজোৰামত এতিয়াও সংক্ৰমণ আৰু পজিটিভিটি বাঢ়ি আছে৷ চৰকাৰে কয় যে মহামাৰীৰ পৰিস্থিতি উন্নত হৈছে আৰু কভিডৰ সংক্ৰমণ বিয়পা কমিছে৷ ২৬৮খন জিলাত পজিটিভিটিৰ হাৰ ৫ শতাংশৰ তলত আছে৷ ভেকচিনৰ ড’জ দিয়া বৃদ্ধিৰ কাৰণে ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা কমা লক্ষ্য কৰা হৈছে৷ চৰকাৰে কয় যে ক’ভিড-১৯ৰ দৈনিক সক্ৰিয় ৰোগীৰ সংখ্যা অহৰহ কমি আছে আৰু দৈনিক পজিটিভিটিৰ হাৰো কমিছে৷ ই ইংগিত দিয়ে যে সংক্ৰমণ বিয়পাটো কমিছে৷ বৰ্তমানৰ তথ্যই ইংগিত দিয়ে যে সংক্ৰমণ বৃদ্ধি আগৰ নিচিনা নহয়, বৰ্তমান ভেৰিয়েণ্টটোৰ সংক্ৰমণত জটিলতা কম৷ পূৰ্বৰ ঢৌৰ দৰে জটিলতা বা ৰোগীৰ মৃত্যুৰ ঘটনাৰ সম্ভাৱনা কম৷ চৰকাৰে কয় যে ক’ভিডৰ এইবাৰৰ ঢৌত ৪৪ বছৰৰ ঊৰ্ধবৰ লোকসকল সংক্ৰমণ পূৰ্বৰ ঢৌবোৰৰ তুলনাত বেছি৷ যোৱা বছৰ ৫৫ বছৰ গড় বয়সৰ লোকসকলৰ সংক্ৰমণ বেছি হৈছিল৷ এইবাৰৰ ক’ভিডৰ ঢৌত অধিকাংশ ৰোগীৰ ডিঙিৰ চেৰচেৰণি হোৱা লক্ষ্য কৰা হৈছে৷ চিকিৎসাৰ বাবে ঔষধৰ ব্যৱহাৰ কম হৈছে৷ বিদ্যালয়সমূহ পুনৰ খোলাৰ প্ৰসংগত চৰকাৰে কয় যে ১১খন ৰাজ্যত স্কুলবোৰ সম্পূৰ্ণৰূপে,১৬খন ৰাজ্যত উচ্চতৰ শ্ৰেণীসমূহ আংশিকভাৱে খোলা হৈছে৷ ৯খন ৰাজ্যত স্কুলবোৰ সম্পূৰ্ণৰূপে বন্ধ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here