৭৭০ কিল’মিটাৰ দীঘল বিজুলীৰ চমকনিৰ বিশ্ব অভিলেখ

0
388

প্ৰায় দুবছৰৰ আগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশত মৰা প্ৰায় ৭৭০ কিল’মিটাৰ দৈৰ্ঘ্যৰ এচমকনি বিজুলীয়ে এক নতুন বিশ্ব অভিলেখ সৃষ্টি কৰিলে৷ ৰাষ্ট্ৰসংঘই এই কথা জনায়৷ বিশ্ব অভিলেখ গঢ়া, ধৰা পৰা বিজুলীৰ এই আটাইতকৈ দীঘল চমকনি ২০২০ চনৰ ২৯ এপ্ৰিলত দক্ষিণ আমেৰিকাত দেখা গৈছিল৷ মিছিছিপি, লুইছিয়ানা আৰু টেক্সাছ বিয়পি পৰা এই চমকনিৰ দৈৰ্ঘ্য আছিল ৭৬৮ কিল’মিটাৰ (৪৭৭.২ মাইল)৷  এই দৈৰ্ঘ্য নিউয়ৰ্ক মহানগৰৰ পৰা অহিঅ’ৰ কলম্বাছ বা লণ্ডনৰ পৰা জাৰ্মানিৰ হামবাৰ্গৰ সমান৷ ৰাষ্ট্ৰসংঘৰ বিশ্ব বতৰ বিজ্ঞান সংগঠন চমুকৈ ডব্লিউ এম অ’-এ এটা বিবৃতিত এই কথা জনায়৷ ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৩১ অক্টোবৰত দক্ষিণ ব্ৰাজিলত দেখা বিজুলীৰ চমকনিৰ অভিলেখতকৈ ই প্ৰায় ৬০ কিল’মিটাৰ বেছি৷ আনহাতে ডব্লিউ এম অ’ৰ বতৰ আৰু জলবায়ু বিশেষজ্ঞ সমিতিয়ে বেছি সময় থকা বিজুলীৰ চমকৰ নতুন বিশ্ব অভিলেখৰো জাননী দিয়ে৷ ২০২০ চনৰ ১৮ জুনত উৰুগুৱে আৰু উত্তৰ আৰ্জেণ্টিনাৰ আকাশত অবিৰত মেঘৰ গাজনিৰ মাজত উৎপন্ন হোৱা বিজুলীৰ এটা চমক ১৭.১ ছেকেণ্ড আছিল৷ ই পূবৰ্ৰ ২০১৯ চনৰ ১৮ মাৰ্চত বিশ্ব অভিলেখ সৃষ্টি কৰা বিজুলীৰ চমকতকৈ ০.৩৭ ছেকেণ্ড বেছি সময় আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here