ফাইজাৰ ভেক্‌চিনে ৰোগ প্ৰতিৰোধ ক্ষমতা ৮০% কমায়

0
534
ফাইজাৰ ভেক্‌চিনৰ দুটা পালি লোৱাৰ ৬ মাহৰ পাছত নাৰ্ছিংহোমৰ জ্যেষ্ঠ বাসিন্দা আৰু শুশ্ৰূষাকাৰীৰ শৰীৰত ভেক্‌চিনে উৎপন্ন কৰা ক’ভিড-১৯ৰ এণ্টিবডী ৮০% কমি যায়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে৷ কে’ছ ৱেষ্টাৰ্ন ৰিছাৰ্ভ বিশ্ববিদ্যালয় আৰু ব্ৰাউন বিশ্ববিদ্যালয়ে আমেৰিকাৰ ১২০জন নাৰ্ছিংহোমৰ বাসিন্দা আৰু ৯২জন স্বাস্থ্য সেৱাকৰ্মীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল৷ এই গৱেষণাত ক’ভিড ৰোগ সৃষ্টি কৰা SARS-COV-2 বীজাণুৰ বিৰুদ্ধে দেহৰ প্ৰতিৰক্ষা নিৰ্ণয় কৰিবলৈ বিশেষকৈ ধাতু সম্বন্ধীয় প্ৰতিৰোধ ব্যৱস্থা (হিউমৰেল ইমিউনিটি) বা এণ্টিবডী মেডিয়েটেড ইমিউনিটিত লক্ষ্য কৰা হৈছিল৷ এতিয়াও প্ৰকাশ নোহোৱা তথা এটা ছাৰ্ভাৰত প’ষ্ট কৰা এই সমীক্ষাত পোৱা গৈছে যে ছমাহৰ পাছত ব্যক্তিৰ এণ্টিবডীৰ স্তৰ ৮০% হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here