পৰিস্থিতি এতিয়াও সহজ নহয়, সতৰ্কতাই মূল অস্ত্ৰ: স্বাস্থ্য মন্ত্ৰী

0
582
ৰাজ্যত ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে৷ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটা বাবে ৰাজ্যত আন্তঃজিলা যাতায়াত খুলি দিয়াৰ লগতে আজিৰ পৰা শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হৈছে৷ আনহাতে ৰাজ্যত যোৱা বছৰ ক’ভিডৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত কৰিব পৰা নগ’ল যদিও এইবাৰ পৰিস্থিতি উন্নত হোৱা দেখি বিভিন্ন পূজা সমিতিসমূহে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ পূজাৰ পাছতে ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে৷ তেনে পৰিস্থিতিতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীজনে এতিয়াও অসমৰ পৰা ক’ভিড আঁতৰি যোৱা নাই বুলি সকলোকে সকীয়াই দিয়ে৷ ৰাজ্যত ক’ভিড বিধি শিথিল কৰা হৈছে যদিও সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহবান জনায় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ অন্যথা পৰিস্থিতিৰ অৱনতি ঘটিলেই চৰকাৰে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে৷ মন্ত্ৰীজনে কয় যে ক’ভিড এতিয়াও অসমৰ পৰা আঁতৰি যোৱা নাই৷ ৰাজ্যত ক’ভিডৰ দ্বিতীয় ঢৌ চলিয়েই আছে৷ আনহাতে তৃতীয় ঢৌৰ আশংকাও আছে৷ সেয়ে ৰাজ্যৰ সকলো ব্যক্তিকে ভেক্‌চিন প্ৰদান কৰাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ স্বাস্থ্য মন্ত্ৰীজনে কয় যে ৰাজ্যবাসী দ্বিতীয় ঢৌৰ মাজতে আছে৷ সমান্তৰালভাৱে তৃতীয় ঢৌৰ আশংকাও আহিছে৷ সেয়ে সকলোকে ক’ভিড ভেক্‌চিন দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে দুই-তিনি দিনৰ পাছতে স্বাস্থ্য বিভাগে ম’বাইল ভেক্‌চিন কেন্দ্ৰও আৰম্ভ কৰিব বুলি  স্বাস্থ্য মন্ত্ৰীজনে ঘোষণা কৰে৷ এই ম’বাইল ভেক্‌চিন গাড়ীত গৈ ঘৰে ঘৰে অৱশিষ্ট লোকসকলক ভেক্‌চিন প্ৰদান কৰিব বুলি প্ৰকাশ কৰে৷ ইফালে ৰাজ্য চৰকাৰ ক’ভিডৰ তৃতীয় ঢৌৰ বাবে চিন্তিত যদিও সম্পূৰ্ণ সাজু হৈ থকা বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here