হাৰ্ট ভালে ৰাখিবলৈ কৰক এইকেইটা ব্যায়াম

0
455
বৰ্তমান সমগ্ৰ বিশ্বতে হাৰ্ট এটেক অথবা হাৰ্টৰ বিভিন্ন সমস্যাত ভুগি মৃত্যু হোৱা লোকৰ সংখ্যাই অধিক৷ সেয়েহে এনে সময়ত আপুনি আপোনাৰ হাৰ্টটো সুস্থ কৰি ৰখাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত ৷ হাৰ্ট সুস্থ কৰি ৰখাৰ উত্তম উপায়টো হৈছে ব্যায়াম৷ দৈনিক শৰীৰচৰ্চা কৰিলে বিশেষকৈ এৰ’বিক এক্সাৰছাইজ কৰিলে হাৰ্টৰ সমস্যা যথেষ্টখিনি হ্ৰাস পায়৷ The American Heart Association-ৰ মতে দৈনিক অতিকমেও ৬০ মিনিট এৰ’বিক এক্সাৰছাইজ কৰিলে হাৰ্টজনিত বিভিন্ন সমস্যাৰ পৰা ৰেহাই পাব পাৰি৷ সেয়েহে আপুনিও যদি হাৰ্ট সুস্থ কৰি ৰাখিব বিচাৰিছে, তেন্তে দৈনিক কৰক এইকেইটা কাম৷

(১) খোজকঢ়া হাৰ্টৰ বাবে খুবেই ভাল৷ ই একেবাৰে সহজ যদিও অত্যন্ত কাৰ্যকৰী৷ বেগাই খোজকঢ়া অভ্যাসে দীৰ্ঘদিনলৈ আপোনাৰ হাৰ্ট শক্তিশালী কৰি ৰাখিব পাৰে৷

How to Walk Faster for Better Workouts


(২) চাইকেল চলোৱা কাৰ্যই হাৰ্ট সুস্থ কৰি ৰাখি কাৰ্ডিঅ’ভাস্কুলাৰৰ সমস্যা যথেষ্টখিনি হ্ৰাস কৰিব পাৰে৷

Does Cycling Help You Lose Weight? | ​Cycling Weight Loss Tips


(৩) যেতিয়া আপুনি নৃত্য কৰে আপোনাৰ হৃদস্পন্দনৰ গতি বৃদ্ধি হ’বলৈ ধৰে৷ যিয়ে মাংসপেশীসমূহলৈ অধিক অক্সিজেনেটেড ব্লাড সৰবৰাহ কৰাত সহায় কৰে৷

Makhna/ Bollywood dance cover/ Team naach choreography - YouTube


(8) যোগাসনে ৰক্ত সঞ্চালন বৃদ্ধি কৰি হৃদপিণ্ড সুস্থ কৰি ৰাখে৷ লগতে ই ব্লাড প্ৰেছাৰ নিৰ্মূল কৰি আপোনাক স্ত্ৰেচমুক্ত কৰি ৰাখে, যি সুস্থ হাৰ্টৰ বাবে প্ৰয়োজনীয়৷

Yoga Health Benefits: Flexibility, Strength, Posture, and More


(৫) হাৰ্টৰ বাবে একেবাৰে উত্তম ব্যায়াম হৈছে সাঁতোৰা৷ সাঁতোৰাৰ ফলত আমাৰ হৃদপিণ্ড ইমানেই বেছি সক্ৰিয় হৈ যায়, যাৰ ফলত ই ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে অক্সিজেনৰ মাত্ৰা উন্নত কৰাত সহায় কৰে৷

The science of underwater swimming: how staying submerged gives Olympians the winning edge

LEAVE A REPLY

Please enter your comment!
Please enter your name here