পৰিৱেশত পৰিব প্ৰভাৱবিষাক্ত শেলায়ে গ্ৰাস কৰিছে সমুদ্ৰ

0
180


ভাৰত, পাকিস্তান, ইৰান, ভিয়েটনামসহ সমগ্ৰ বিশ্বৰ বিশাল সমুদ্ৰত এবিধ বিষাক্ত শেলাই দ্ৰুতগতিত বৃদ্ধি পাইছে৷ এই শেলাইবিধ এতিয়া সমুদ্ৰৰ তিনি কোটি ১৪ কিলোমিটাৰ অঞ্চল গ্ৰাস কৰিছে৷ এই বিষাক্ত শেলাইবিধ সাগৰৰ পানীত দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে মানুহেই জগৰীয়া৷ শেহতীয়াভাৱে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে তোলা ফটোত সমুদ্ৰত উপৰিভাগত দ্ৰু¸তগতিত এই শেলাইবিধে আগুৰি ধৰাৰ ভয়াৱহ দৃশ্য দেখা পোৱা গৈছে৷ চীনৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ২০০৩ চনৰ পৰা এই বিষাক্ত শেলাইবিধ ১৩.২ শতাংশ হাৰত বৃদ্ধি পাইছে৷ চীনৰ চাউডাৰ্ন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি ৰাসায়নিক সাৰ, পয়ঃপ্ৰণালীৰ পৰা নিৰ্গত পানী, বায়ু প্ৰদূষণ আৰু জৈৱিক সাৰৰ অৱশিষ্ট নদীৰ পানীৰ জৰিয়তে সাগৰত পৰিছে আৰু এইবিলাকে শেলাইবিধ দ্ৰুতভাৱে বৃদ্ধিত অৰিহণা যোগাইছে৷ ইয়াৰ উপৰি সমুদ্ৰৰ বৰ্ধিত উষ্ণতায়ো এই শেলাইবিধৰ বৃদ্ধিত সহায় কৰিছে৷ সমুদ্ৰৰ গৰম পানীয়ে শেলাইবিধ বৃদ্ধি পোৱাৰ বাবে অনুকূল পৰিৱেশ দীঘলীয়া কৰিছে৷ এই শেলাইবিধে সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ পানীৰ তলত খৰতকীয়া দতিত বৃদ্ধি পোৱাৰ বাবে পানীৰ ৰং সলনি কৰি পাতল সেউজীয়া, হালধীয়া বা ৰঙা কৰিব পাৰে৷ সেইটো ইতিমধ্যে সংগ্ৰহ কৰা ফটোবোৰত স্পষ্ট হৈ পৰিছে৷ বিজ্ঞানীসকলৰ মতে সাগৰৰ পানীৰ তলত বৃহৎ হাৰত ফচফেট আৰু আন সাৰ মিহলি হ’বলৈ ধৰিছে আৰু শেলাই তথা উদ্ভিদ বাবে খাদ্য হৈ পৰিছে৷ অতিশীঘ্ৰে ইয়াৰ এটা সমাধান নকৰিলে অদূৰ ভৱিষ্যতে সাগৰীয় প্ৰাণীৰ বাবে জীয়াই থকাৰ এটা প্ৰতিকূল পৱিৱেশৰ সৃষ্টি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here