উদ্বেগজনক তথ্য : ইণ্টাৰনেটৰ অবাধ ব্যৱহাৰে বিপদ মাতিছে যুৱ প্ৰজন্মৰ

0
240


আধুনিক বিশ্বত ইণ্টাৰনেট আৰু মোবাইলৰ ব্যৱহাৰ এক এৰাব নোৱৰা অৰ্থাৎ অবিচ্ছেদ্য অংগ হৈ পৰিছে মানৱ সমাজত৷ যি কামেই নকৰক কিয়, সকলোতে কেৱল মোবাইল বা ইণ্টাৰনেট৷ এইদৰে ইণ্টাৰনেট আৰু মোবাইলৰ অবাধ ব্যৱহাৰে ভয়ানক বিপদৰ ফালে ঠেলি দিছে উঠি অহা যুৱ প্ৰজন্মক৷ নৱপ্ৰজন্মৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অহা মোবাইলৰ অত্যধিক ব্যৱহাৰে তেওঁলোকৰ মানুসিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ দিনটোৰ সৰহ সময় মোবাইলত ব্যস্ত থকাৰ ফলত তেওঁলোকক নজনাকৈয়ে অভাৱনীয়ভাৱে ক্ষতি কৰিছে৷ অলপতে নেশ্যনেল ছাৰ্ভিচ স্কীম চমুকৈ এন এছ এছৰ সহযোগত ইউনিচেফে চলোৱা এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে৷ ইউনিচেফৰ প্ৰতিবেদন মতে ইণ্টাৰনেট আৰু মোবাইল অত্যধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত ৰাজ্যখনৰ ৯৫ শতাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতী মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে৷ ৬০ শতাংশ ল’ৰা-ছোৱালী সামাজিক সম্পৰ্কৰ পৰা বিচ্ছিন্ন হৈছে৷ ইয়াৰ লগতে ২৪ শতাংশ যুৱক-যুৱতী মানসিক চাপ, ভয় আৰু উদ্বিগ্নতাৰ চিকাৰ হৈছে৷ অধ্যয়নত প্ৰকাশ পোৱা মতে উঠি অহা ল’ৰা-ছোৱালীৰ ৬১ শতাংশ ফেচবুক তথা ছ’চিয়েল মিডিয়াত অহৰ্নিশ লাগি থকাৰ ব্যস্ত আৰু এইবোৰৰ ব্যৱহাৰৰ সিদ্ধহস্ত৷ উল্লেখ্য যে উঠি অহা প্ৰজন্মৰ সৰহভাগে এইদৰে মোবাইলত ব্যস্ত থকাৰ বাবে শৈক্ষিক দিশত লগতে তেওঁলোকৰ মানসিকতাত বিৰূপ প্ৰভাৱ পৰিছে৷ অসমৰ মুঠ জনসংখ্যাৰ ১৯ শতাংশ ল’ৰা-ছোৱালী হ’ল ১৫ ৰ পৰা ২৪ বছৰৰ ভিতৰত৷ এই স্পৰ্শকাতৰ বিষয়টো চৰ্চিত হৈ অহাৰ সময়তে অসমৰ ৯৫ শতাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতী মানসিকভাৱে ভাৰাক্ৰান্ত হোৱা বুলি ইউনিচেফৰ প্ৰতিবেদনত প্ৰকাশ পোৱা ঘটনাই বিশেষভাৱে লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here