অত্যধিক চেনি সেৱনেকিদৰে বিপদ ঘটাব পাৰে

0
409


যিকোনো মাংগলিক অনুষ্ঠান প্ৰথমে মুখ মিঠা কৰিহে আৰম্ভ কৰা হয়৷ বিবাহ, জন্মদিন, বিভিন্ন পূজা-পাৰ্বণ, সামাজিক অনুষ্ঠান আদিত মিঠাই প্ৰথমেই স্থান পায়৷ পৰীক্ষাত ভাল ফল পালে প্ৰথমেই মিঠাই কথা আহে৷ মুঠতে মিঠাই অৰ্থাৎ চেনিৰ অবিহনে যেন কোনো ক্ষেত্ৰতে আৰম্ভণি নহয়৷ চেনি যিমানেই ক্ষতিকাৰক নহওক কিয়, মিঠাইৰ আদৰ সৰ্বত্ৰে বিৰাজমান৷ অত্যধিক চেনি কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেই বিষয়ে কোৱাৰ প্ৰয়োজন নাই৷ কিয়নো অত্যধিক চেনি সেৱন কৰিলে অৰ্থাৎ শৰীৰত চেনিৰ মাত্ৰা বাঢ়ি গ’লে মাৰাত্মক ক্ৰিয়া সংঘটিত হয়৷ চেনি বেছি সেৱন কৰাৰ ফলত কিডনীজনিত সমস্যা, চকুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে৷ য’ত অন্ধতা, কিডনীৰ সমস্যা, হূদৰোগ আদি নানা সমস্যাই দেখা দিব পাৰে৷ আচলতে চেনিয়ে আমাৰ মস্তিষ্কৰ কাৰ্যকাৰিতাৰ ওপৰত প্ৰভাৱ পেলায়৷ সেয়ে অতিৰিক্ত পৰিমাণৰ চেনি খালে মস্তিষ্কই ঠিকমতে কাম কৰাত ব্যাঘাত জন্মে৷ যাৰ ফলস্বৰূপে উদ্বেগ, মানসিক চাপ, মূৰৰ বিষ, মূৰ ঘূৰণি, বিৰক্তি, অকাৰণতে খং উঠা আদি নানা উপসৰ্গই দেখা দিব পাৰে৷ দীৰ্ঘকাল ধৰি এই সমস্যা হৈ থাকিলে পৰৱৰ্তী সময়ত আলঝেইমাৰৰ দৰে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ অধিক পৰিমাণে চেনি খালে দৃষ্টিশক্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ তেজৰ শৰ্কৰাৰ পৰিমাণ বাঢ়িলে গ্লুকমা, চকুত ছানি পৰা ৰোগ, ৰেটিনোপেথিৰ সমস্যাই দেখা দিব পাৰে৷ আনকি যিসকল অনিয়ন্ত্ৰিত পৰিমাণে ডায়েবেটিছত আক্ৰান্ত হয়, তেওঁলোকৰ অন্ধত্ব পৰ্যন্ত হ’ব পাৰে৷ শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বাঢ়িলে ইনছুলিনৰ ক্ষৰণ ঠিকমতে নহয়৷ ফলত ছালৰ প্ৰদাহ, ব্ৰুনৰ সমস্যা, ছোৰিয়াছিছ, একজিমাৰৰ দৰে একাধিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ অত্যধিকচেনি সেৱনে ছালৰ কলাজেনক ভাঙি দিয়ে, যি কাৰণে বলিৰেখাৰ দৰে সমস্যাই সহজে দেখা দিয়ে৷ ছালৰ বিভিন্ন সমস্যাৰ লগতে এলাৰ্জিৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে অধিক চেনি সেৱনৰ ফলত৷ ইয়াৰ উপৰি বেছি চেনি খালে দাঁতৰ সমস্যা হ’ব পাৰে, কেভিটি হোৱাৰ লগতে দাঁতৰ আলুত সংক্ৰমণ হ’ব পাৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here