প্ৰদূষিত হৈছে জীয়াভৰলীৰ পানী : ইয়াৰ কাৰণ কি ? The Jia Bharali is getting contaminated: why?

0
799
জীয়াভৰলী নৈৰ বোৱঁতী পানীত সংঘটিত হৈছে প্ৰদূষণ৷ বোকাময় হৈ পৰা নৈখনৰ পানীত ব্যাপক হাৰত মাছ মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে৷ অৰুণাচলত কামেং নৈ হিচাপে পৰিচিত জীয়াভৰলী নৈখনৰ উৎপত্তিস্থলতে পানী প্ৰদূষিত হোৱা দেখা গৈছে৷ এই লৈ সৰ্বত্ৰ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ ইপিনে শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ ভূপেশ চন্দ্ৰ দাসে জীয়াভৰলী নৈৰ পানী ঘোলা হোৱাত নদীৰ পানীৰ সোঁতত উপঙি থকা মৃত বা জীৱিত মাছ ধৰা বা খোৱা, নদীৰ পানী সেৱন কৰা আৰু পৰৱৰ্তী আদেশ নিদিয়াপৰ্যন্ত বজাৰত মাছ বিক্ৰী কৰাত বাধা আৰোপ কৰিছে৷ লগতে এই সন্দৰ্ভত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশক এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ কামেং নদী অসমত জীয়াভৰলী নাম লৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যাওঁতে পানী ঘোলা হোৱাৰ লগতে বৃহৎ পৰিমাণৰ মৃত আৰু জীৱিত মাছ উপঙি থকাৰ ফলত ৰাইজে এই নৈত মাছ ধৰা আৰু নৈখনলৈ নাযাবলৈ লগতে মৃত মাছ বিক্ৰী নকৰিবলৈ আৰু নাখাবলৈ ইতিমধ্যে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ উপায়ুক্তই বাধা আৰোপ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here