শীতকালত গোৰোহা ফাটিলে কি কৰিব? What is the remedy for cracked heels in winter?

0
781
শীতকাল আহিলেই ছালখনে আদ্ৰৰ্তা হেৰুৱাবলৈ আৰম্ভ কৰে৷ এই সময়ত ছালখনৰ ৰুক্ষতা বহুগুণে বাঢ়ে৷ ইয়াৰ বাবে ছাল ফাটিবলৈ ধৰে৷ শীতকাল আৰম্ভ হোৱাৰ লগে লগে বহুতৰে ছাল ফটা সমস্যাই দেখা দিয়ে৷ সেয়ে এই সময়খিনিত যদি ছালখনৰ যত্ন লোৱা নহয়, তেতিয়াহ’লে ছাল ফটাৰ লগতে ছালৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ শীতকালি আমি ছালখন আদ্ৰ ৰখাটো খুব দৰকাৰী৷ ইয়াৰ বাবে ভাল মইশ্বৰাইজ ব্যৱহাৰ কৰিব লাগে৷ শীতকালত ছালখনৰ কিদৰে যত্ন ল’ব জানো আহক৷

(১) ছানস্ক্ৰীন ছালৰ বাবে খুবেই জৰুৰী৷ সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ যথেষ্ট ক্ষতি কৰিব পাৰে৷ সেয়েহে ঘৰৰ পৰা বাহিৰ ওলাওঁতে হাত, ভৰি বা শৰীৰৰ আন ঠাইত সদায় ছানস্ক্ৰীন ব্যৱহাৰ কৰিহে বাহিৰ ওলাওক৷


(২) শীতকালত আপুনি ব্যৱহাৰ কৰা মোজা বা গ্ল’ভছ ভিজি গ’লে আৰু ব্যৱহাৰ নকৰিব৷ তিতা মোজা পিন্ধিলে গোৰোহা ফটা, ৰঙা পৰি উঠা, আনকি এগজিমাৰ সমস্যাও দেখা দিব পাৰে৷

The Toe Aligning Foot Gloves - Hammacher Schlemmer


(৩) শীতকালত সাধাৰণতে পানী কমকৈ খোৱা হয়৷ ইয়ে ছালত বিৰূপ প্ৰভাৱ পেলায়৷ শৰীৰত পানীৰ অভাৱ হ’লে ছাল ৰুক্ষ, শুকান হৈ পাৰে আৰু যাৰ ফলত ভৰি ফটা- গোৰোহা ফটা আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ সেয়েহে প্ৰয়োজনীয় পানী সেৱন কৰক৷


(8) শীতকালি ছালখন ভালে ৰাখিবলৈ পেট্ৰলিয়াম জেল, গ্লিচাৰিন আদি সানিব লাগে৷ ইয়াৰ বাহিৰেও ভৰি দুখন মাচাজ কৰাটো দৰকাৰী৷

Use This Glycerin Homemade Scrub To Get White, Softer, Beautiful Hands and Feet - YouTube


(৫) সাধাৰণতে শীতকালত বহুতেই ভৰি দুখন গৰম পানীৰে ধোৱে৷ এনে কৰাটো উচিত নহয়৷ ইয়াৰ উপৰি ভৰিৰ গোৰোহা বেছিকৈ ফাটিলে ডাৰ্মোটলজিৰ ওচৰ চাপিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here