প্ৰদূষণ প্ৰতিৰোধৰ পদক্ষেপ কম দূৰত্বৰ ভ্ৰমণত নিষেধাজ্ঞা : ক’ত ?

0
195


বিগত কেই বছৰত বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে সৰ্বাধিক চৰ্চা লাভ কৰিছে৷ কাৰ্বনৰনিৰ্গমণৰ ফলত বিশ্বৰ উষ্ণতা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ বিজ্ঞানীসকলৰ মতে, বিশ্বত ষষ্ঠ মহাবিনাশৰ সৃষ্টি হ’ব এই বিষাক্ত গেছৰ বাবেই৷ এতিয়া বিভিন্ন দেশে কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে চেষ্টা কৰি আছে৷ পৰিসংখ্যাৰ পৰা জানিব পৰা মতে বিশ্বত হোৱা কাৰ্বন নিৰ্গমণত বিমান যাত্ৰাৰ বৃহৎ অৰিহণা আছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ইউৰোপৰ কেইবাখনো দেশে কম দূৰত্বৰ বিমান ভ্ৰমণ নিৰুৎসাহিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ ফ্ৰান্সৰ চৰকাৰে দেশখনত কম দূৰত্বৰ বিমানৰ ভ্ৰমণত বাধা আৰোপ কৰিছে৷ বিমানে বিয়পোৱা প্ৰদূষণ প্ৰতিৰোধৰ বাবে ইয়াৰ উৰণ নিয়ন্ত্ৰণৰ বিষয়ে দীৰ্ঘ দিনৰ পৰা বিচাৰ-বিবেচনা কৰি থকা হৈছিল৷ তথ্যৰ পৰা জানিব পৰা মতে এখন বাছে এঘণ্টাত যিমান প্ৰদূষণৰ সৃষ্টি কৰে তাতকৈ ১০০ গুণ অধিক কাৰ্বন বায়ুমণ্ডললৈ এৰে বিমানে৷ বিমানৰ উৰণৰ পৰা হোৱা প্ৰদূষণৰ ফলত বিশ্বত বছৰি কমেও ১৬ হাজাৰ লোকে অকালতে প্ৰাণ হেৰুৱায়৷ বিমানৰ পৰা হোৱা প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পাব বুলি কোৱা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ তথ্য মতে, বিশ্বত নিৰ্গমণ হোৱা মুঠ কাৰ্বনৰ ১০ শতাংশ যাত্ৰাৰ জৰিয়তে হয়৷ ইয়াৰে ৪শতাংশ কাৰ্বন নিৰ্গত হয় বিমানত কৰা যাত্ৰাৰ বাবে৷ আন এক তথ্যৰ পৰা জানিব পৰা মতে, বিশ্বত ২০২১ চনত সৰ্বাধিক বিমান যাত্ৰা কৰা হয় আমেৰিকাত দেশখনত সেই বছৰ বিমানত ৬৫ কোটি আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ভ্ৰমণ কৰা হৈছিল৷ ইয়াৰ পাছত চীন আৰু ইউৰোপীয়ান ইউনিয়নে স্থান লাভ কৰিছে৷ বিমানত কৰা ভ্ৰমণ হ্ৰাস কৰাৰ বাবে সৰ্বপ্ৰথমে প্ৰচেষ্টা আৰম্ভ কৰিছিল ছুইডেনে৷ দেশখনত ২০১৮ চনতে কম দূৰত্বৰ ভ্ৰমণত নিৰুৎসাহিত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰে আৰু আনকি বিমান পৰিবহণ সংস্থাসমুহেও যাত্ৰীসকলক ইঠাইৰ পৰা সিঠাইলৈ যোৱাৰ বাবে কি কি বিকল্প আছে সেই কথা অৱগত কৰিবলৈ ধৰে৷ ইয়াৰ ফলত এবছৰৰ ভিতৰত দেশখনত বিমানৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উৰণ বৃহৎ হাৰত হ্ৰাস পাই৷ ইয়াৰ পাছত ইউৰোপৰ কেইবাখনো দেশত এই অভিযান আৰম্ভ হয়৷ এই দেশবোৰৰ ভিতৰত এতিয়া ফ্ৰান্স সকলোতকৈ আগত আছে, কিয়নো দেশখনে প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে কম দূৰত্বৰ বিমানৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here