বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

0
378


বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে বিজ্ঞানৰ মৌলিক তত্ত্ববোৰ আগতে বেদত আছিল৷ বেদৰ সেই তত্ত্ববোৰৰ পৰাই আধুনিক বিজ্ঞানৰ উৎপত্তি হৈছে৷ তাৰ পৰৱৰ্তী কালত পাশ্চাত্যৰ বিজ্ঞানীসকলে কৰা গৱেষণা তথা তত্ত্ববোৰেই বিশ্বত স্বীকৃতি লাভ কৰিছে৷ অধ্যক্ষ সোমনাথে লগতে এইবুলিও কয় যে সংস্কৃত ভাষাত প্ৰাচীন জ্ঞান-বিজ্ঞানৰ যি চৰ্চা চলিছিল, তাৰ মাজত কোনোধৰণৰ বিভাজন নাছিল৷ দৰ্শন তথা বিজ্ঞানৰ চৰ্চা প্ৰাচীন কালৰ পৰাই অংগাংগীভাৱে জড়িত৷ ইছৰ’ৰ অধ্যক্ষই কৰা এই দাবীয়ে এতিয়া বিজ্ঞানী মহলত তোলপাৰ লাগিছে৷ উল্লেখ্য যে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাঋষি পাণিনি সংস্কৃত তথা বৈদিক বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত উপস্থিত থাকি অধ্যক্ষগৰাকীয়ে এই মন্তব্য কৰিছিল৷ তেওঁ বক্তব্যত লগতে কৈছিল যে বীজগণিত, বৰ্গমূল, সময়ৰ ধাৰণা, স্থাপত্য, মহাবিশ্বৰ গঠন, ধাতুবিদ্যা, আনকি বিমান চালনাৰ ক্ষেত্ৰতো প্ৰথমে বেদতে পোৱা গৈছিল৷ ইয়াৰ পৰৱৰ্তী কালত ইউৰোপ, আৰব আদি ঠাইলৈ বিজ্ঞানৰ এই মৌলিক ধাৰণাবোৰ বিস্তাৰিত হৈছিল৷ আনকি পাশ্চাত্যৰ বিজ্ঞানীসকলৰ আৱিষ্কাৰ হিচাপে চিহ্নিত হয়৷ আচলতে আদিতে ভাৰতীয় বিজ্ঞানীয়ে সংস্কৃতকে ভাষা হিচাপে ব্যৱহাৰ কৰিছিল, যাৰ কোনো লিপি নাছিল৷ ইয়াৰ ফলতে বেদৰ বিপুল ভাণ্ডাৰৰ কথা বিশ্বই অৱগত হৈছিল৷ আনহাতে কৃত্ৰিম মেধা বা প্ৰযুক্তিবিদ্যালতো সংস্কৃত ভাষাক ব্যৱহাৰ কৰা সম্ভৱ বুলি মত প্ৰকাশ কৰিছে সোমনাথে৷ তেওঁ কয় যে সংস্কৃত ভাষাৰ কিভাৱে আধুনিক প্ৰযুক্তিবিদ্যাত ব্যৱহাৰ কৰা হ’ব, সেই বিষয়ে ইতিমধ্যে গৱেষণা আৰম্ভ হৈছে৷ ইছৰ’ৰ প্ৰধানজনে লগতে কয় যে সংস্কৃত ভাষাত ৰচিত ভাৰতীয় সাহিত্য অত্যন্ত সমৃদ্ধ৷ ই বিজ্ঞানৰ দিশেৰে যিমান গুৰুত্বপূৰ্ণ, সিমানেই সাংস্কৃতিক, আধ্যাত্মিক দিশৰ ফালৰ পৰাও লেখত ল’বলগীয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here