ডিমেনছিয়াক লৈ নতুন গৱেষণামিথানলে আনিছে আশাৰ বতৰা

0
320


আলজেইমাৰ এতিয়া সমগ্ৰ বিশ্বতে এক ডাঙৰ মানসিক সমস্যাৰূপে দেখা দিছে৷ বিশ্বত কমেও ৪ কোটি ৪০ লাখ লোক আলজেইমাৰত আক্ৰান্ত হৈছে৷ ভাৰতত ডিমেনছিয়াত আক্ৰান্ত লোকৰ সংখ্যা ৪০ লাখৰো অধিক৷ বিভিন্ন ধৰণৰ গৱেষণাৰ পাছতো এই ৰোগ নিৰাময় কৰিব পৰা ঔষধ বা উপায় ওলোৱা নাই৷ বৰ্তমান উপলব্ধ ঔষধে এই বিকাৰ হোৱাত বা বৃদ্ধি পোৱাৰ গতি স্তিমিত কৰে৷ এই ৰোগত আক্ৰান্ত হ’লে গুৰুতৰভাৱে স্মৃতি শক্তি লোপ পোৱা, অস্বাভাৱিক ব্যৱহাৰ, ব্যক্তিত্বৰ পৰিৱৰ্তন, চিন্তা-ভাৱনা কৰাৰ শক্তি ৱোহোৱা আদি লক্ষণ দেখা পোৱা যায়৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে মিথানল শুঙিলে এই ৰোগত আক্ৰান্ত ৰোগীৰ মগজুৰ স্বাস্থ্য উন্নত হোৱা বুলি দাবী কৰা হৈছে৷ ফ্ৰণ্টিয়াৰ্ছ ইন ইমিউনলজী নামৰ বাৰ্তলোচনীখনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এই দাবী কৰা হৈছে৷ বাৰ্তলোচনীখনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত কোৱা হৈছে যে আলজেইমাৰৰ দৰে লক্ষণ দেখা পোৱা এন্দুৰক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ এন্দুৰক কম সময়ৰ বাবে ঘনাই মিথানল শুঙিবলৈ দিয়াৰ ফলত সিঁহতৰ ইণ্টাৰলিউকিন-১-বিটা নামৰ প্ৰটিনৰ মাত্ৰা হ্ৰাস পোৱাৰ লগতে মানসিক প্ৰক্ৰিয়াসমুহ বৃদ্ধি পোৱা দেখা পোৱা গৈছিল৷ ইয়াৰ লগতে আলজেইমাৰ ৰোগীৰ মগজুৰ বিকাৰগ্ৰস্ত হৈ পৰা অংশটোতো মিথানলৰ গোন্ধে প্ৰভাৱিত কৰা দেখা পোৱা গৈছিল৷ ইয়াৰ আগতে গোন্ধৰ সৈতে মানুহৰ মানসিক স্বাস্থৰ সম্পৰ্ক থকা বুলি প্ৰমাণ পোৱা গৈছিল৷ বিশেষজ্ঞসকলে এই গৱেষণাৰ ফলক গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে৷ কিন্তু এই গৱেষণা এন্দুৰক লৈ কৰা হৈছে আৰু ইয়াৰ পাছত পোনে পোনে মানুহক লৈ কৰিব পৰা নাযাব৷ ইয়াৰ কাৰণ হ’ল মানুহ আৰু এন্দুৰৰ মাজত আনুবংশিক, শাৰীৰিক আৰু মানসিক তাৰতম্য আছে৷ কিন্তু ইয়াত এক ইতিবাচক ফল বুলি তেওঁলোকে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here