উদ্বিগ্ন বিজ্ঞানী ! সূৰ্যৰ পৰা বিচ্ছিন্ন হ’ল এটা বৃহৎ অংশ

0
165


সূৰ্যই জ্যোতিৰ্বিজ্ঞানীসকলৰ সদায় আকৰ্ষণ কৰি আহিছে৷ শেহতীয়াকৈ সূৰ্যৰ বুকুত ঘটা এটা ঘটনাই বিজ্ঞানী মহলক আচৰিত কৰি তুলিছে৷ সূৰ্যৰ এটা বৃহৎ অংশ ইয়াৰ উপৰিভাগৰ পৰা বিচ্ছিন্ন হৈ পৰে৷ বিচ্ছিন্ন হৈ পৰা এই অংশটোৱে উত্তৰ মেৰুৰ চৌদিশে এক ঘূৰ্ণি বতাহৰ ৰূপ লৈছে৷ এই আ(ৰ্যকৰ ঘটনাটো কেনেকৈ ঘটিল সেই বিষয়ে বিজ্ঞানী মহলে বিশ্লেষণ কৰি আছে৷ আৰু ইয়াৰ আঁৰত কি থাকিব পাৰে সেই বিষয়েও বিজ্ঞীনসকলে অধ্যয়ন কৰিবলৈ লৈছে৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেমছ ৱেব টেলিস্কোপে ধৰা পেলাইছিল৷ উল্লেখ্য যে সূৰ্যৰ বুকুত সৃষ্টি হোৱা সৌৰশিখাই কেতিয়াবা পৃথিৱীৰ যোগাযোগ ব্যৱস্থাতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ সেয়েহে সূৰ্যৰ বুকুত ঘটা এই অস্বাভাৱিক ঘটনাই বিজ্ঞানী মহলকো চিন্তিত কৰি তুলিছে৷ মহাকাশ বিজ্ঞানী ডঃ তমিতা স্কোভে এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে উত্তৰৰ উপৰিভাগৰ পৰা এটা বৃহৎ অংশ বিচ্ছিন্ন হৈ এতিয়া সূৰ্যৰ উত্তৰ মেৰুৰ চৌদিশে প্ৰচণ্ড ধ্ৰুৱীয় বা-মাৰলীৰ ৰূপ লৈছে৷ ইয়াত ৫৫ ডিগ্ৰীৰ ওপৰত সূৰ্যৰ বায়ুমণ্ডলৰ গতিৰ বিষয়ে বুজি পোৱাৰ বাবে অধিক বঢ়াই কোৱা হোৱা নাই৷ এতিয়া জ্যোতিৰ্বিজ্ঞানীসকলে এই বিষয়ে অধিক তথ্য আহৰণৰ কৰি ইয়াৰ বিশ্লেষণৰ জৰিয়তে সঠিক তথ্য দাঙি ধৰাৰ চেষ্টা কৰি আছে৷ তেওঁলোকে সূৰ্যৰ ওপৰত অহৰ্নিশে চকু ৰাখিছে৷ আনহাতে সূৰ্যৰ বুকুত ঘটা এই ঘটনাই পৃথিৱীৰ যোগাযোগ ব্যৱস্থাক বিঘ্নিত কৰাৰ আশংকা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here