প্ৰথমবাৰলৈ মুকলি সৌৰজগতৰ বৃহত্তম গ্ৰহৰ সুদৃশ্য ছবি

0
1230

জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰতিদিনে বিশ্বব্ৰহ্মাণ্ডৰ ন ন উদ্ভাৱন তথা বিভিন্ন তথ্য সংগ্ৰহৰ আপ্ৰাণ চেষ্টা চলাই আহিছে৷ বিশ্বব্ৰহ্মাণ্ডক লৈ বিজ্ঞানীসকলৰ ভিন্ন গৱেষণাই নতুন তথ্যৰ সন্ধান দিয়াৰ লগতে বিশেষ মাত্ৰা লাভ কৰিছে৷ শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ বৃহৎ তথা মহাশক্তিমান দূৰবীণেৰে সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ আলোকচিত্ৰ সংগ্ৰহ কৰা হৈছে৷ জেমছ বেৱ মহাকাশ দূৰবীণ চমুকৈ জে ডব্লিউ এছ টি নামৰ দূৰবীণেৰে বৃহত্তম গ্ৰহটোৰ বিভিন্ন ছবি সংগ্ৰহ কৰিছে৷ সংগ্ৰহ কৰা আলোকচিত্ৰবোৰত বৃহস্পতি গ্ৰহটোৰ বুকুত সৃষ্টি হোৱা ধুমুহা, ইয়াৰ উপগ্ৰহ আৰু ইয়াৰ চাৰিওফালে থকা আঙঠিসদৃশ সৰ্পিল ৰেখাবোৰ স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতি গ্ৰহৰ এনে অতুলনীয় আলোকচিত্ৰ সংগ্ৰহ কৰাটো সম্ভৱ হোৱা নাছিল৷ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ইমকে ডে পিটাৰে বৃহস্পতিৰ এই ৰূপক আৱিষ্কাৰ কৰাটো এক অন্যতম বৃহৎ সাফল্য বুলি উল্লেখ কৰে৷ উল্লেখ্য যে জেমছ বেৱ মহাকাশ দূৰবীণ মিছন মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই চলাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here