বিশুদ্ধ খোৱাপানীয়েহে সামূহিক স্বাস্থ্য উন্নত কৰিব ঃ কোনে ক’লে

0
220

জল জীৱন মিছন আঁচনিখনৰ ৰূপায়ণ মসৃণ আৰু কাৰ্যকৰীকৰণ নিশ্চিত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ এ এছ আৰ এল এমৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে কয় যে বিশুদ্ধ খোৱাপানীয়েহে সামূহিকভাৱে স্বাস্থ্য উন্নত কৰিব পাৰে৷ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা উৎসৰ পানী সদায় সুৰক্ষিত আৰু পৰিষ্কাৰ নহয় আৰু সেই পানী ব্যৱহাৰ কৰি থাকিলে ৰোগ হোৱাৰ প্ৰবল সম্ভাৱনা থাকে৷ 
মন্ত্ৰী বৰুৱাই লগতে কয় যে স্বেচ্ছাসেৱী সংগঠন আৰু আত্মসহায়ক গোটসমূহে স্থানীয় ভাষাত ৰাইজৰ মাজত বিশুদ্ধ পানী যোগান সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হ’ব৷ জল জীৱন মিছনৰ পানী যোগান ধৰাৰ ব্যৱস্থাটো সুচল কৰি তোলাৰ বাবে নিয়োগ কৰা আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক প্ৰতিটো পৰিয়ালৰ বিপৰীতে ২৮০ টকাকৈ মাননি দিয়াৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই লগতে কয় যে  এই গোট আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ কাম-কাজ তিনিটা পৰ্যায়ত বিভক্ত হ’ব৷ প্ৰথম পৰ্যায়ত পৰিকল্পনা আৰু সংগ্ৰহ, দ্বিতীয় পৰ্যায়ত ৰূপায়ণ আৰু তৃতীয় পৰ্যায়ত কাৰ্যকৰীকৰণ৷ ইফালে জল জীৱন মিছনৰ প্ৰকল্পসমূহ নিয়াৰিকৈ পৰিচালনা কৰাত জল মিত্ৰ নিয়োগ কৰা হ’ব আৰু সেই জল মিত্ৰসকলক ৰাজ্যখনৰ বিভিন্ন আই টি আইত প্ৰশিক্ষণ দি থকাৰ কথা তেওঁ উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here