প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভেক্‌চিন ব্যৱহাৰত অনুমতি

0
670
ভাৰতত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভেক্‌চিনৰ অনুমতি দিয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰে এই কথা প্ৰকাশ কৰে৷ নিটি আয়োগৰ সদস্য তথা কভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী ডাঃ ভি কে পালে এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে মডাৰ্নাৰ ভেক্‌চিনৰ সীমিত জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়া হৈছে৷ তেওঁ লগতে কয় যে ভাৰতত এতিয়া টিকাকৰণৰ বাবে চাৰিটা ভেক্‌চিন ক্ৰমে কভেক্সিন, কভিশ্বিল্ড, স্পুট্‌নিক আৰু মডাৰ্নাৰ ভেক্‌চিন পোৱা যাব৷ উল্লেখ্য যে ভাৰতৰ মহা ঔষধ নিয়ন্ত্ৰকে আমেৰিকাৰ কোম্পানী মডাৰ্নাৰ ভেক্‌চিনৰ ভাৰতত সীমিত জৰুৰী ব্যৱহাৰৰ বাবে আমদানি কৰিবলৈ চিপ্‌লাক অনুমতি দিছে৷ সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই ভেক্‌চিনৰ টিকাকৰণ আৰম্ভ কৰাৰ আগতে চিপ্‌লাই ভাৰতত ১০০জন লোকক লৈ ব্ৰিজ ট্ৰায়েল কৰিব লাগিব৷ উল্লেখ্য যে মডাৰ্না প্ৰথমটো বিদেশী ভেক্‌চিন, যিটো সম্পূৰ্ণৰূপে বিদেশত প্ৰস্তুত হৈ ভাৰতলৈ আহিব আৰু ইয়াৰ ড’জ ভাৰতত দিয়া হ’ব৷ ভাৰতত এই ভেক্‌চিন উৎপাদন কৰা নহ’ব আৰু সেয়েহে ইয়াক দেশে লাভ কৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভেক্‌চিন বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here