বিশেষজ্ঞৰ প্ৰতিবেদন : মুম্বাইত ৫০ শতাংশ শিশুৰ শৰীৰত এণ্টিবডী

0
624

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাৰ মাজতে মুম্বাইত এক স্বস্তিকৰ তথ্য পোহৰলৈ আহিছে৷ মহানগৰখনৰ প্ৰায় ৫০ শতাংশ শিশুৰ শৰীৰত কৰ’নাৰ এণ্টিবডী পোৱা গৈছে৷ বৃহৎ মুম্বাই পৌৰ নিগমে চলোৱা চতুৰ্থ ছিৰ’ছাৰ্ভেৰ প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে, এণ্টিবডী পোৱা শিশুসকলৰ কেতিয়াও কৰ’নাৰ সংক্ৰমণ হোৱা নাছিল৷ বিশেষজ্ঞসকলৰ মতে এই প্ৰতিবেদনে সকাহো দিছে, কিয়নো ৫০% শিশুৰ শৰীৰত এণ্টিবডী পোৱাৰ পাছত এতিয়া তৃতীয়টো ঢৌত এই শিশুসকলৰ কৰ’নাৰ সংক্ৰমণ হোৱাৰ আশংকা কম৷ অধ্যয়নটোৰ মতে মহানগৰখনৰ ১০-১৪ বছৰ বয়সৰ ৫৩.৪৩% শিশুৰ শৰীৰত এণ্টিবডী পোৱা গৈছে৷ অধ্যয়নটোত মহানগৰখনৰ ২৪টা ৱাৰ্ডৰ ২,১৭৬টা শিশুৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু তেওঁলোকৰ বয়স ১৮ বছৰতকৈ কম আছিল৷ অধ্যয়নটোৰ পৰা লগতে জানিব পৰা মতে, মুম্বাইত শিশুৰ শৰীৰত কৰ’নাৰ বিৰুদ্ধে এণ্টিবডী বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here