দাঁতৰ হালধীয়া দাগ কিদৰে নোহোৱা কৰিব?

0
1283
আধুনিক পদ্ধতিৰে দাঁতৰ হালধীয়া দাগ নোহোৱা কৰি দাঁত উজ্জ্বল আৰু চিকচিকীয়া কৰিব পাৰি৷ কিন্তু একেবাৰে সহজ ঘৰুৱা উপায়েৰে, কম খৰচতে দাঁত দুপাৰি আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ আমি চেষ্টা কৰিব পাৰোঁ৷ তাৰ বাবে কেইটামান ঘৰুৱা টিপ্‌ছ ব্যৱহাৰ কৰি দাঁতৰ হালধীয়া দাগ নাইকিয়া কৰি পুনৰ দাঁতৰ আগৰ অৱস্থালৈ আনিব পৰা যায়৷

[১] তুলসীৰ পাত: তুলসীৰ পাত দাঁতৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ সৰহকৈ তুলসীৰ পাত ৰ’দত শুকুৱাই ল’ব লাগে৷ পাতবোৰ যেতিয়া শুকাই যাব, তেতিয়া শুকান পাতবোৰ গুৰি কৰি ল’ব৷ ৰাতিপুৱা দাঁত ব্ৰাছ কৰোঁতে যিকোনো টুথপেষ্টৰ লগত সেই তুলসীৰ গুড়ি অলপ লৈ নিয়মিতভাৱে দাঁত ব্ৰাছ কৰক৷ দেখিব দাঁতৰ হালধীয়া দাগ একেবাৰে নোহোৱা হৈ গৈছে লগতে দাঁতৰ বিভিন্ন ৰোগৰো প্ৰকোপ কমিবলৈ ধৰিছে৷

Why should Tulsi not be chewed with teeth? - Wordzz


[২] নিমখ: দাঁত পৰিষ্কাৰ কৰিবলৈ বহু যুগ ধৰি নিমখৰ ব্যৱহাৰ হৈ আহিছে৷ কাৰণ, নিমখে দাঁতৰ পুষ্টিৰ নাটনি দূৰ কৰাৰ লগতে দাঁতৰ সৌন্দৰ্য বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ বাবে ৰাতিপুৱা কাঠকয়লাৰ সৈতে নিমখ মিহলি কৰি দাঁত মাজিলে দাঁতৰ হালধীয়া দাগ বহুগুণে কমে৷

The 10 Best Ways to Naturally Whiten Yellow Teeth at Home


[৩] কমলা-নেমুৰ ৰস: দাঁতৰ সৌন্দৰ্য ধৰি ৰাখিবলৈ নেমু বা কমলাৰ ৰস যথেষ্ট কাৰ্যকৰী৷ নেমু বা কমলা এচকলাৰে নিয়মিতভাৱে ৰাতি দাঁত ঘঁহিব৷ এনেদৰে কিছুদিন কৰাৰ পাছত দেখিব দাঁতৰ হালধীয়া ৰং নোহোৱা হৈছে৷

Does Lemon Juice Work for teeth whitening? - Baroda Dental Clinic, Vadodara


[8] খোৱা ছ’ডা: দাঁতৰ হালধীয়া পৰা নাইকিয়া কৰিবলৈ সহজতে পোৱা খোৱা ছ’ডাৰ বিকল্প আন একো নাই৷ ৰাতিপুৱা দাঁত ব্ৰাছ কৰাৰ সময়ত টুথপেষ্টৰ সৈতে খুব কম পৰিমাণৰ খোৱা ছ’ডা মিহলাই দাঁত মাজক৷ তাৰ পাছত কুহুমীয়া পানীৰে ভালদৰে মুখখন ধুই লওক৷ সপ্তাহত অন্ততঃ দুই-তিনিদিন এইদৰে দাঁত মাজিলে যথেষ্ট সুফল পাব৷

How to Help Whiten Teeth with Baking Soda | Arm & Hammer


আনহাতে দাঁত ভালে ৰাখিবলৈ এটা কথা সকলো সময়তে লক্ষ্য ৰাখিব লাগে যে আমি খোৱাৰ পাছত মুখ ভালদৰে ধুই ল’ব লাগে৷ নিয়মীয়াকৈ দিনত আৰু ৰাতি দুবাৰকৈ দাঁত মাজিব লাগে৷ ইয়াৰ উপৰি ধূমপান সেৱন কৰিলেও দাঁতত দাগৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে পৰাপক্ষত ধূমপানৰ মাত্ৰা কমাই দিব লাগে বা ধূমপান ত্যাগ কৰিব লাগে৷ এইসমূহ ঘৰুৱাভাৱে নিয়ম মানিলে দাঁত দুপাৰি আমি সযতনে ৰাখিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here