প্ৰতি ৪জন ভাৰতীয়ৰ মাজৰ৩জনৰেই হয় ভিটামিন-ডিৰ অভাৱ

0
447

শেহতীয়াভাৱে প্ৰকাশিত এক সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰতি চাৰিজন ভাৰতীয়ৰ তিনিজনৰেই শৰীৰত ভিটামিন-ডিৰ অভাৱ ঘটিছে৷ ভাৰতীয়সকলৰ মাজত ভিটামিন-ডি অভাৱে দেখা দিয়াৰ সমস্যাই বেছ চিন্তাৰ কাৰণ হৈ পৰিছে৷ সমীক্ষাটোৰ পৰা জানিব পৰা গৈছে যে ২৫ বছৰৰ তলৰ বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত ভিটামিন-ডি অভাৱৰ সমস্যাই আটাইতকৈ বেছি৷ গৱেষণা মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশ লোকে এই ভিটামিন-ডিৰ সমস্যাত ভুগিছে৷ দেশৰ ২৭খন ৰাজ্যৰ মুঠ দুই লাখতকৈ অধিক মানুহৰ ওপৰত এই সমীক্ষাটো চলোৱা হৈছিল৷ ইয়াৰে ৭৯ শতাংশ পুৰুষৰ আৰু ৭৫ শতাংশ মহিলাৰ মাজত শৰীৰত স্বাভাৱিক যি পৰিমাণত ভিটামিন-ডি থাকিব লাগে, সেয়া পৰিলক্ষিত নহ’ল৷ মন কৰিবলগীয়া যে ব্ৰিটেইন নেশ্যনেল হেল্‌থ ছাৰ্ভিচৰ তথ্য অনুযায়ী হাড়ৰ গঠন, হাড় মজবুত কৰা, হাড়ৰ বিভিন্ন ৰোগ, অষ্টিঅ’মেলেছিয়াৰ দৰে ৰোগ আদি প্ৰতিৰোধৰ বাবে ভিটামিন-ডি অতি গুৰুত্বপূৰ্ণ৷ শৰীৰত ভিটামিন-ডি অভাৱ হ’লে প্ৰ’ষ্টেট কেঞ্চাৰ, অৱসাদ, ডায়েবেটিছ আদিৰ দৰে ৰোগৰ আমন্ত্ৰণ জনোৱা হয়৷ মহিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱ বন্ধ হোৱাৰ সময়ত এই ভিটামিনৰ নাটনি হোৱাটো স্বাভাৱিক৷ মুঠতে ভিটামিন-ডিৰ অভাৱ হ’লে শাৰীৰিক নানা জটিলতাই দেখা দিব পাৰে৷ সমীক্ষাটোৰ মতে ভাৰতবৰ্ষত ২৫ বেছৰৰ তলৰ ল’ৰা-ছোৱালীৰ প্ৰায় ৮৪ শতাংশৰ আৰু ২৫ৰপৰা ৪০ বছৰৰ লোকসকলৰ শৰীৰত ভিটামিন-ডিৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে৷ চিকিৎসক তথা পুষ্টিবিদসকলে তৰুণ প্ৰজন্মৰ উঠি অহা ল’ৰা-ছোৱালীৰ সাম্প্ৰতিক জীৱনধাৰাই ইয়াৰ বাবে দায়ী বুলি ধাৰণা কৰিছে৷ স্বাভাৱিকভাৱে শৰীৰত ভিটামিন-ডি উৎপন্ন হোৱাৰ একমাত্ৰ উপায়টো হ’ল সূৰ্যৰ আলোক৷ কিন্তু আজিকালি বেছিভাগ ল’ৰা-ছোৱালীয়ে ঘৰৰ ভিতৰত থকাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ যিয়ে মানুহক অলস কৰি তুলিছে৷ ইয়াৰ বাবে প্ৰযুক্তিও জগৰীয়া৷ ইয়াৰ উপৰি দুগ্ধজাত সামগ্ৰীৰ প্ৰতি অনীহা বা খাবলৈ ইচ্ছা নকৰা, অনিয়ন্ত্ৰিত জীৱন-যাপন আদিবোৰ প্ৰধান জগৰীয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here