মহাকাশত সূৰ্যতকৈও ৫৭ হাজাৰকোটি গুণ উজ্জ্বল বস্তুৰ সন্ধান লাভ!

0
377


সূৰ্যতকৈও ৫৭ হাজাৰ কোটি গুণ উজ্জ্বল প্ৰবল শক্তিশালী কোনো বস্তুৰ সন্ধান লাভ কৰাৰ লৈ এতিয়া মহাকাশত মহা তোলপাৰ লাগিছে৷ পৃথিৱীৰ পৰা প্ৰায় ৩৮০ কোটি প্ৰকাশ বৰ্ষ দূৰত্বত মহাকাশত এই ৰহস্যজনক বস্তুৰ সন্ধান পোৱা গৈছে৷ এই অতি উজ্জ্বল বস্তুটোৰ পোহৰে মুহূৰ্তৰ ভিতৰতে সকলো পুৰি ছাৰখাৰ কৰিব পাৰে৷ কিন্তু কেইবা কোটি দূৰত্বৰ অৱস্থিত বাবে ইয়াৰ দেখা সম্ভৱ নহয়৷ প্ৰবল উত্তপ্ত গেছৰ সমষ্টিযুক্ত এই অসাধাৰণ বস্তুটো দেখি বিজ্ঞানীয়ে ইয়াক লৈ ধাৰণা কৰিছে যে এইটো এটা দুৰ্লভ্য মেগনেট বা চৌম্বকক্ষেত্ৰ৷ ওহায়ো বিশ্ববিদ্যালয়ৰ অষ্ট্ৰোনমিকৰ অধ্যাপক ফ্ৰিজিস্তাফ ষ্টানেকে জনোৱা মতে এই উত্তপ্ত খণ্ডটো ১ৰপৰা ১০ স্কেলৰ বাহিৰ ৰাখিব লাগিব, অৰ্থাৎ ১১ স্কেলত ৰাখিব লাগিব এই প্ৰচণ্ড জ্বলন খণ্ডটো৷ এইবোৰ অটোমেটেড ছাৰ্ভে অব ছুপাৰ পাৱাৰ টেলিস্কোপৰ এটা নেটৱৰ্কৰ পৰা জানিব পৰা গৈছে৷ যাৰ জৰিয়তে মহাকাশত অত্যন্ত উজ্জ্বল বস্তুৰ খবৰ পাব পাৰি৷ অধ্যাপক ষ্টানেকে নিজকে প্ৰশ্ন কৰিছে যে এই উজ্জ্বল বস্তুটো আচলতে কি? তেওঁ কয় যে এনেও হ’ব পাৰে যে দুৰ্লভ্য চুম্বকক্ষেত্ৰ মিলি ইয়াৰ গতি গ্ৰুত কৰি দিয়ে৷ ইয়াৰ কেন্দ্ৰত ইমান বেছি উত্তাপ আছে যে যাৰ মেগনেটিভ অত্যন্ত শক্তিশালী৷ এই খণ্ডটো এক ছেকেণ্ডত এহেজাৰ বাৰ প্ৰদক্ষিণ কৰে৷ সেই কাৰণে ই অতি উজ্জ্বল হোৱা বুলি ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here