গোলাপ জলৰ স্ক্ৰাবে কিদৰেমুখখনক দিব গোলাপী আভা

0
259


মুখৰ ছালখনৰ যতন বিভিন্ন প্ৰকাৰে ঘৰতে ল’ব পাৰি৷ ঘৰুৱাভাৱে বিভিন্ন প্ৰণালীৰে ছালৰ যত্ন ল’লে ছালৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে৷ ছালৰ স্বাস্থ্যৰ বাবে ঘৰতে গোলাপ জলৰ স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে৷ মুখৰ ছাল ভালে ৰাখিবলৈ হ’লে নিয়মিতভাৱে এক্সফোলিয়েট কৰা জৰুৰী৷ এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপুনি ছালৰ ওপৰত জমা হোৱা মৃতকোষ দূৰ কৰিব পাৰিব৷ উজ্জ্বল আৰু সুস্থ ছালৰ ৰহস্য এক্সফোলিয়েশ্যনৰ মাজতে লুকাই থাকে৷ ইয়াৰ বাবে সকলোৱে বজাৰত উপলব্ধ স্ক্ৰাব ব্যৱহাৰ কৰে৷ কিন্তু এইধৰণৰ বজাৰত কিনিবলৈ পোৱা স্ক্ৰাব কিমান নিৰাপদ, সেয়াও এক প্ৰশ্ন৷ বিভিন্ন সময় বজাৰৰ পৰা কিনা স্ক্ৰাবে ছালখন শুষ্ক, ৰঙাপৰা ভাব, ব্ৰুনৰ সমস্যা আদি বঢ়াই দিয়ে৷ সেয়ে ইয়াৰ উপযুক্ত হিচাপে আপুনি ঘৰুৱাভাৱে গোলাপী লৰণ বা গোলাপ জলৰ স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে৷ গোলাপী লৱণত কেলচিয়াম, ক্লোৱাইড, আইৰন, মেগনেচিয়াম, ফচফৰাছ, পটেচিয়াম আদি পোৱা যায়৷ এই উপাদানবোৰ ছালৰ বাবে অত্যন্ত লাগতিয়াল৷ গোলাপ জলত এণ্টি মাইক্ৰ’বিয়েলৰ বৈশিষ্ট্য আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ এই দুই উপাদানেৰে স্ক্ৰাব প্ৰস্তুত কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ লগতে সহজে ছালৰ বিভিন্ন সমস্যা সমাধান হয়৷ এই স্ক্ৰাব প্ৰস্তুত কৰিবলৈ এচামুচ গোলাপী লৱণ ল’ব৷ ইয়াৰ সৈতে কেইফোটামান গোলাপ জল মিহলাই লওক৷ এচামুচ মৌ এই মিশ্ৰণটো মিহলাই ল’ব৷ এতিয়া এই সম্পূৰ্ণ মিশ্ৰণটোৰে ছালৰ ওপৰত ভালদৰে মাচাজ কৰিব৷ কিছু সময় এইদৰে ৰাখি পাছত ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই দিব৷ এই স্ক্ৰাবে ছালৰ ওপৰত জমা হোৱা ময়লা, দূষিত পদাৰ্থ বাহিৰ কৰি দিব৷ ইয়াৰ ফলত ছালখনে ভালদৰে শ্বাস ল’ব পাৰিব৷ ইয়াৰ বাহিৰেও এই স্ক্ৰাবে ছালখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷ যাৰ ফলত ছালখনত বাৰ্ধক্যৰ লক্ষণ দেখা নাযায়৷ মনত ৰাখিব প্ৰতিদিনে এই স্ক্ৰাব ব্যৱহাৰ নকৰিব৷ প্ৰতিদিনে এই স্ক্ৰাব ব্যৱহাৰ কৰিলে ছালখনৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে সপ্তাহত এবাৰ এই স্ক্ৰাবেৰে মুখখন পৰিষ্কাৰ কৰি ছালখন উজ্জ্বল তথা সতেজ কৰি ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here