পেচেণ্ট কেয়াৰ ২৪x৭ এপ ! কিদৰে লাভৱান হ’ব ৰোগী ? How will patients benefit from Patient Care 24×7 app?

0
589
যোৱা ৩০ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পেচেণ্ট প্ৰাইঅ’ৰিটি হেল্‌থ কেয়াৰ প্ৰাইভেট লিমিটেডে ‘পেচেণ্ট কেয়াৰ ২৪x৭’ নামৰ এটা এপ মুকলি কৰে৷ এই এপটোৰ জৰিয়তে যিকোনো ৰোগীয়ে চিকিৎসকৰ ওচৰত মান পঞ্জীয়ন কৰা, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা, ICU বুকিং, এম্বুলেঞ্চ সেৱাৰ উপলব্ধতা, লেবৰেটৰীত পৰীক্ষাৰ বাবে অনলাইন বুকিং আৰু নাৰ্ছিং সেৱা আদিবোৰ লাভ কৰিব৷ ইয়াৰ উপৰি আনভাৱে সক্ষম লোকসকলেও এই এপটোৰ জৰিয়তে স্বাস্থ্য সেৱা আৰু চিকিৎসক সম্পৰ্কীয় সকলো সেৱা লাভ কৰিবলৈ সক্ষম হ’ব৷ এই এপ মুকলি অনুষ্ঠানত ড॰ মুকিব আখতাৰ হুছেইনে জানিবলৈ দিয়ে যে এতিয়াৰ পৰা ৰোগী তথা আত্মীয়ই ঘৰতে বহিয়েই অতি সহজে এই এপটোৰ জৰিয়তে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ ইয়াৰ সুবিধা ল’বলৈ লোকসকলে পেচেণ্ট কেয়াৰ ২৪x৭ এপটো ডাউনল’ড কৰি নাইবা www.patientcare২৪৭.com এই ৱেবছাইটযোগে ইয়াৰ সুবিধাসমূহ লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here