সাৱধান! আকৌ প্লাষ্টিকৰ চাউল: ক’ত? Plastic rice again! Where?

0
1191
ৰাজ্যৰ বজাৰ নানা ভেজাল সামগ্ৰীৰে ভৰি পৰিছে৷ আজি যদি এঠাইত প্লাষ্টিকৰ কণী, কাইলৈ আকৌ আন ঠাইত প্লাষ্টিকৰ চাউল, দাইল, আটা ইত্যাদি ইত্যাদি৷ খাদ্য সামগ্ৰী ইমানেই ভেজাল হৈ পৰিছে যে এতিয়া বজাৰত বিশুদ্ধ খাদ্য সামগ্ৰী পাবলৈও কঠিন হৈ পৰিছে৷ মুঠৰ ওপৰত, বজাৰত যিমানেই খাদ্য-সামগ্ৰীৰ জুই ছাই দাম হৈছে, সিমানেই নকলৰ পয়োভৰ বাঢ়িছে৷ বজাৰৰ পৰা আকাশলংঘী দামত কিনিও আপুনি খোৱাৰ বাবে নাপায় উপযুক্ত খাদ্যবস্তু৷ চাৰিওফালে কেৱল ভেজাল আৰু ভেজাল৷ এইবিলাকত চকু দিওঁতা যেন কোনো নাই৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত৷ নগাঁও জিলাৰ কামপুৰৰ বিষ্ণুপুৰ সমবায় সমিতিৰ অন্তৰ্গত কাৱৈমাৰীৰ এখন সুলভ মূল্যৰ দোকানত যোগানকাৰীয়ে প্লাষ্টিকসদৃশ চাউল হিতাধিকাৰীক প্ৰদান কৰাৰ তথ্য পোৱা গৈছে৷ জানিব পৰা মতে, সুলভ মূল্যৰ এই চাউলখিনি দোকানীয়ে হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছিল আৰু তাৰ পাছতে উক্ত চাউলখিনি খোৱাৰ অনুপযোগী বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিয়ে৷ এইদৰে সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল হিতাধিকাৰীৰ মাজত যোগান ধৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত ইয়াৰ এক নিৰপেক্ষ তদন্তৰ বাবে দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here